Site icon Guwahati Times

৩ বছৰত ৬ হাজাৰ বাহন বিক্ৰীৰে অভিলেখ টাটা মটৰ্ছ বিমল কাৰ্ছৰ

গুৱাহাটী, ১১ জুলাই: বিগত তিনি বছৰত সৰ্বাধিক ৬ হাজাৰ বাহন বিক্ৰীৰে উল্লেখযোগ্য কৃতিত্ব গঢ়িছে টাটা মটৰ্ছ বিমল কাৰ্ছে। বিমল কাৰ্ছে সফলভাৱে সুখী গ্ৰাহকসকললৈ ৬ হাজাৰতকৈ অধিক বাহন প্ৰদান কৰিছে। যাৰবাবে ইয়াক উদযাপন কৰি এই মাহত টাটা মটৰ্ছ বিমল কাৰ্ছে সৰ্বাধিক অফাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। এই অফাৰ অহা ১৫ জুলাইৰ পৰা ২৪ জুলাই পৰ্যন্ত টাটা মটৰ্ছ বিমল কাৰ্ছৰ প্ৰত্যেকটো শ্ব’ৰুমত উপলব্ধ হ’ব।

ইতিমধ্যে বিমল কাৰ্ছৰ কৰ্তৃপক্ষই জনোৱা মতে এই বিশেষ অফাৰ অনুসৰি টাটা ছাফাৰীত বিনামূলীয়া ইন্সুৰেঞ্চসহ ১.৪০ লাখ টকালৈ, নেক্সন ইভিত বিনামূলীয়া ইন্সুৰেঞ্চসহ ১.৩০ লাখ টকালৈ, পাঞ্চত বিনামূলীয়া ইন্সুৰেঞ্চ, নেক্সনত ১ লাখ পৰ্যন্ত আৰু হেৰিয়াৰত বিনামূলীয়া ইন্সুৰেঞ্চসহ ১.২০ লাখ পৰ্যন্ত গ্ৰাহসকলে সুবিধা লাভ কৰিব পাৰিব।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিমল চাৰাউগী, এমডি বিমল কাৰ্ছ, আৰিহন্ত চাৰাউগী, চিইঅ’-বিমল কাৰ্ছ, ঋষি খেমকা, টেৰিটৰিয়েল মেনেজাৰ- টাটা মটৰ্ছ, দীপাংকৰ দাস, জিএম- বিমল কাৰ্ছ।

Exit mobile version