Site icon Guwahati Times

২৭হাজাৰ কোটি টকা ব্যয় সাপেক্ষে জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৩আগষ্টত ভূমি পূজন

নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই :–“মৰিগাঁও জিলাৰ জাগীৰোডত অহা ৩আগষ্টত স্থাপন হ’বলগীয়া ২৭হাজাৰ কোটি টকা ব্যয় সাপেক্ষে টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পুজন কৰিম আৰু দুবছৰৰ ভিতৰত এই প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব।” আজি জাগীৰোডৰ সমীপৰ জোনবিলত এই ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আমি ভাৰত পাঁচশ কোটি টকাৰ এখন আঁচনি দি থৈছোঁ জাগীৰোড আৰু গুৱাহাটীৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ কাৰণে। এতিয়া যিটো ৰিংৰোড নিৰ্মাণ হ’ব সি আমাৰ যাতায়তৰ এটা পৰ্যায়লৈ আমাক উন্নয়ন দিব। কিন্ত বাকী যোগাযোগৰ অধিক উন্নয়ন বাবে আৰু আন আন সুবিধা,যেনে–ভাল ষ্টেডিয়াম,বিদ্যালয়, মহাবিদ্যালয় আদিৰ বাবে আমি এখন পাঁচশ কোটি টকাৰ আঁচনি কেন্দ্ৰক দিছোঁ আৰু কেন্দ্ৰই অনুমোদন জনাব। জাগীৰোডৰ টাটা প্ৰকল্পটোক কেন্দ্ৰ কৰি বহুখিনি সামাজিক আন্তঃগাঁঠনিৰ উন্নয়ন হ’ব। মুখ্যমন্ত্ৰী ড° শৰ্মাই এই কথা সদৰি কৰি কয় যে লগে লগে আমি এইটো কথাও সচেতন যে জাগীৰোডৰ আশে-পাশে আমাৰ তিৱা জনজাতি লোকসকল বসবাস কৰে আমি সম্প্ৰসাৰণটো তেওঁলোকৰ ক্ষতি কৰিও বিচৰা নাই। য’তে ত’তে কাম আৰম্ভ কৰিলে মানুহে মাটি হেৰুৱাব লগীয়া হয়। সেয়েহে আমি কামবোৰ লাহে লাহে কৰি গৈছোঁ যাতে তিৱা লোকসকলে মাটিৰ অধিকাৰ হেৰুৱাব লগীয়া নহয়। সেয়েহে আমি খুউব সাৱধানেৰে কাম খিনি কৰি গৈছোঁ আৰু আন্তঃগাঁঠনি ষ্টেডিয়াম,বিদ্যালয়, মহাবিদ্যালয়ত কৰিব বিচাৰিছোঁ যাতে জনজাতীয় লোক সকলে মাটি নেহেৰুৱায় আৰু মানুহৰ মাজত ক্ষোভ থাকি নাযায়। মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা কৰা ত্ৰিশ হাজাৰ কোটি টকাৰ বিনিয়োগৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পুজনৰ পিছতে দ্ৰুতগতিত চলিব নিৰ্মাণ কাৰ্য। টাটা প্ৰকল্পৰ আশে-পাশে বহু কেইটা বিদেশী কোম্পানী আহিব। এই কোম্পানীবোৰে ছেমি কণ্ডাক্টৰবোৰ বিদেশলৈ লৈ গৈ তেওঁলোকৰ কামত ব্যৱহাৰ কৰিব। তেওঁলোকৰ বিভিন্ন কাৰ্যালয়ো জাগীৰোডত স্থাপন কৰিব বিদেশী কোম্পানীবোৰে। টাটা প্ৰকল্পৰ উদ্যোগ আৰু কাৰ্যালয় হোৱাৰ লগতে জাগীৰোডত এই উদ্যোগলৈ কেঁচা সামগ্ৰী যোগান ধৰা কোম্পানীসমূহৰো কাৰ্যালয়সমূহ স্থাপন হ’ব। গতিকে টাটা প্ৰকল্পকে ধৰি আৰু বহু কেইটা প্ৰতিস্থান আমাৰ জাগীৰোডৰ কাগজ কল ক্ষেত্ৰত স্থাপনৰ সম্ভাৱনা আছে।চেটেলাইট চিটি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে তাৰ বাবে আন্তঃগাঁঠনিৰ উন্নয়ন কৰিব লাগিব। বাট পথৰ উন্নয়নৰ লগতে জাগীৰোড আৰু গুৱাহাটী সংযোগী পথৰ সংখ্যা বঢ়াব লাগিব আৰু বৰ্তমানৰ পথ কেইটাৰো উন্নয়ন কৰিব লাগিব। যোৰাবাটৰ পাহাৰ কাটি ভাজবোৰ কমাব বিচাৰিছোঁ যাতে তিনি মিনিটতে যোৰাবাট পাৰ হ’ব পাৰি। নতুন ৰিংৰোড আঁচনিৰ অধীনত যোৰাবাটৰ পথৰ ভাঁজবোৰ নাইকীয়া কৰা হ’ব। আজি বিয়লি জাগীৰোডৰ জোনবিলত থকা বিজেপিৰ জাগী ভকত গাঁও মণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় মন্ত্ৰী বিধায়কৰ সৈতে এক বৈঠকত মিলিত হোৱা মুখ্যমন্ত্ৰীয়ে কয় যে আজি কালি গুৱাহাটীৰ বাহিৰলৈ গ’লে তেওঁ চৰকাৰী বঙলাৰ পৰিৱৰ্তে দলীয় কাৰ্যালয়তে বহি দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version