কবিতা ভাল পাবলৈ হ’লে মাটি আৰু মানুহক ভাল পাবই লাগিব : কবি উজ্জ্বল পাওগাম
নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–১৯৮৭ চনত কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে গঠন হোৱা সদৌ অসম কবি সন্মিলনৰ অন্যতম নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ ধিং অধিৱেশনৰ ৰবিবাৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজিত দ্বিবাৰ্ষিক অধিৱেশনখনি ধিং আঞ্চলিক কবি সন্মিলনৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই । পতাকা উত্তোলক হাজৰিকাক সহযোগিতা আগবঢ়াই জিলাখনৰ সাতটা শাখাৰ সাতজন সভাপতিয়ে। বন্তি প্ৰজ্বলন কৰে ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি কৰৱী শইকীয়া আৰু প্ৰাক্তন সভাপতি নিৰলা শইকীয়াই । পৰৱৰ্তী কাৰ্যসূচীত সদৌ অসম কবি সন্মিলনৰ পিতৃ পুৰুষ স্বৰূপ ৰাম গগৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰৱী লিগিৰাই। ইয়াৰ পাছতেই কবি দুৰ্গেশ্বৰ বৰকটকীয়ে গছপুলি ৰোপণৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে । অনুষ্ঠানত আয়োজিত ক্ষুদ্ৰ গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাই । ১০ বজাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাৰ উদ্বোধন কৰে শিশু-সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই । প্ৰতিনিধি সভাৰ সমান্তৰালকৈ অনুষ্ঠিত আমন্ত্ৰিত কবিৰ কবি সন্মিলনৰ উদ্বোধন কৰে নগাঁও জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক মদাৰজ্যোতিয়ে । অনুষ্ঠানত আমন্ত্ৰিত কবিৰূপে মনোজ কুমাৰ দেওৰজা,জয়ন্ত কুমাৰ মান্তা,মাধৱ চন্দ্ৰ ডেকা,মৌচুম বুঢ়াগোহাঁই,প্রজ্ঞা পাৰমিতা বৰুৱা,কৌস্তুভ খাউণ্ড,মিনতি দেৱী কাকতি,ড° ৰূপা ডেকা পাটৰ,দীপ হেষ্টিংচ বড়ি,সত্যজিৎ গগৈ,ফটিক নন্দন ৰাভা,ৰাজীৱ ৰাভা,জিতুমণি বৰদলৈ,ড° নিৰ্মালি বৰা মালাকাৰ,মিন্টু দাস,ময়ুৰ কুমাৰ বৰা,গোবিন্দ মালাকাৰ,কুমাৰ বিভূতি উপস্থিত থকাৰ লগতে সত্ৰ পৰিচালক হিচাপে গুণ কাকতী,ৰাজেন বৰা,অশোক ৰাম ভট্টাচার্য,কৰবী লিগিৰা,পুতুল চন্দ্র ডেকা, অতুল চন্দ্ৰ কাকতি,সঞ্জীৱ সাগৰ চৌধুৰী,কৰবী শইকীয়া,শশী কেওট, কল্পনা মহন্ত ডেকা,বিনু লস্কৰ ঠাকুৰীয়া, এল.প্রদীপ কুমাৰ সিংহ, ড° অচ্যুৎ কুমাৰ শইকীয়া আৰু পুতুলী মুদৈ উপস্থিত থকা অনূষ্ঠানত ডেৰ শতাধিক কবিয়ে কবিতা পাঠ কৰে । প্ৰতিনিধি সভাত ২০২৪-২০২৬ বৰ্ষৰ বাবে নগাঁও জিলা কবি সন্মিলনৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। সভাত দুৰ্গেশ্বৰ বৰকটকীক সভাপতি, দ্বীপজ্যোতি কাকতিক সম্পাদক,ৰূপম নাথ,দেৱ বৰা আৰু স্বপ্না দেৱীক সহযোগী সম্পাদক,গুণ কাকতি, মদাৰজ্যোতি আৰু কবিতা বৰাক উপ-সভাপতি,নৱ কাশ্যপ আৰু নীলকমল শইকীয়াক প্ৰচাৰ সম্পাদক,প্ৰদ্যুম্ন বৰাক পত্ৰিকা সম্পাদক,কৰৱী শইকীয়া,লক্ষ্য বৰাক সাংগঠনিক সম্পাদক,আৰতি মেধি, অজন্তা বড়া,দিলীপ শইকীয়া আৰু দিগন্ত ভাগৱতীক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয়। ইপিনে বিয়লি দুই বজাৰ পৰা দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰা,প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইন,নিৰ্দিষ্ট বক্তাৰূপে কবি উজ্জ্বল পাওগাম,বিশিষ্ট অতিথি ৰূপে সন্মিলনৰ প্ৰাক্তন সভাপতিত্ৰয় প্ৰদীপ শইকীয়া,নিত্যানন্দ বৰা,অজিত শৰ্মা,দিলীপ কুমাৰ নাথ, অমল বৰা,পৱন শৰ্মা,মৃদুল কুমাৰ চহৰীয়াৰ লগতে সন্মানীয় আৰু আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট কবি ড° লখিমী গগৈ,পলিমা চেতিয়া বসুমতাৰী, ভবেন চন্দ্র নাথ,কৃষ্ণ দৈমাৰী,অনিৰুদ্ধ ডেকা,অশোক কুমাৰ ডেকা,স্বপন মৈত্র, সংগীতা ৰাজখোৱা,বিদ্যাৰাম ছিংনাৰ, প্রভাত চন্দ্ৰ বৰদলৈ,ৰাজীৱ চহৰীয়া, মহেন্দ্রনাথ হাজৰিকাকে প্ৰমূখ্য কৰি ভালেকেইজন উপস্থিত থাকে । সভাৰ আদৰণি ভাষণ আগবঢ়াই সম্পাদক ৰাজু সমীৰণে । মুকলি সভাৰ আৰম্ভণি হয় ধিং আঞ্চলিক কবি সন্মিলনৰ শিল্পীসকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশনেৰে। নগাঁও জিলা কবি সন্মিলনৰ মুখপত্ৰ “খাগৰিজান” উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি উজ্বল পাওগামে। উন্মোচন কৰি দিয়া ভাষণত পাওগামে উল্লেখ কৰে যে অসমীয়া মানুহৰ প্ৰাণত কবিতা আছে। অসমীয়া মানুহে প্ৰতিদিনেই আওৰাই এটি এটি কবিতা। প্ৰিয় কবি মাধৱদেৱৰ একোটা ঘোষাত প্ৰাৰ্থনা হিচাপেই হওক বা কবিতা হিচাপেই হওক পুৱাৰ পৰা গধূলিলৈকে অসমীয়া মানুহৰ জীৱন চৰ্চাত সংযোজিত হৈ থাকে । কবিতা ভাল পাবলৈ হ’লে মাটি আৰু মানুহ ভাল পাবই লাগিব । সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইনে ভাষণ প্ৰসংগত কয় যে সংস্কৃতিবান হ’লেহে জাতিয়ে উত্তৰণ ঘটাব পাৰে । ইয়াৰ পিছতেই ধিং শাখাৰ পত্ৰিকা “আকাশ” উন্মোচন কৰে নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ নাথে। মুকলি সভাতে নগাঁও জিলা কবি সন্মিলনৰ দ্বাৰা কেইবাটিও বঁটা,সন্মান আৰু সম্বৰ্ধনা প্ৰদান কৰা হয়। সেই অনুসৰি “প্রমোদৰাম ভট্টাচাৰ্য্য আৰু সৌজন্যময়ী ভট্টাচার্য্য সোঁৱৰণী শ্রেষ্ঠ সাহিত্য সম্মান” ডাঃ প্রয়াগ শইকীয়ালৈ,”কঁপয়া কোচ সোঁৱৰণী সাহিত্যপ্রাণ সম্মান” গুণ কাকতীলৈ, “স্বভাৱ কবি নৱদ্বীপ দাস সোঁৱৰণী বঁটা” লক্ষী মেধিলৈ,”নৰপ্ৰসাদ শৰ্মা সোঁৱৰণী সমাজহিতৈষী সম্মান” উৎপল বণিয়ালৈ,”নগঞা শিল্পী বঁটা” ধ্ৰুৱ কুমাৰ ৰাজালৈ লগতে “গিৰিন কোঁচ আৰু পদুম বৰা সোঁৱৰণী কাব্য-অৰুণ বঁটা” ক্রমে তুলিকা দেবী আৰু আশা বৰা মনলৈ আগবঢ়োৱা হয় । একেদৰে “গিৰিন কোঁচ আৰু পদুম বৰা সোঁৱৰণী কাব্যপ্রভাত সম্মান” ক্রমে বিনয় দাস,শিখা শইকীয়া আৰু তৃষ্ণা বৰা দাসলৈ,বিশিষ্ট কবি প্রয়াত “ধীৰেন চন্দ্ৰ কাকতী সোঁৱৰণী কবিতা প্রতিযোগিতা” ৰ প্রথম,দ্বিতীয় আৰু তৃতীয় শ্রেষ্ঠ বঁটা প্রাপক ক্রমে ইলামণি শইকীয়া,কৃষ্ণ দৈমাৰী,অংকুৰিতা ফুকন,বিচাৰকৰ বিশেষ সম্মানপ্রাপক ৰশ্মিতা শইকীয়াক বঁটা প্ৰদান কৰা হয়। নগাঁও জিলা কবি সন্মিলনৰ “শ্রেষ্ঠ সংগঠক”ৰ বঁটা ক্রমে প্রদ্যুম্ম বৰা আৰু কবিতা বৰালৈ, “প্ৰচাৰকৰ সম্মান” লক্ষ্যজ্যোতি বৰা, “দৈনন্দিন বাৰ্তা”ৰ সাংবাদিক ৰূপম নাথ আৰু “ডিবি নিউজ”ৰ নৱ কাশ্যপলৈ, শ্রেষ্ঠ “নৱাগত সংগঠকৰ সন্মান” ক্রমে আৰতি মেধি আৰু পল্লৱী শর্মালৈ, বিশেষ সম্বৰ্ধনা আগবঢ়োৱা হয় জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা,বুলন চন্দ্ৰ নাথ,দেৱজিৎ হাজৰিকা,নীলকমল শইকীয়া,দীপক কুমাৰ শৰ্মা আৰু বন্দনা নাথ ঠাকুৰীয়াক । তাৰোপৰি “প্রথম শ্রেষ্ঠ শাখাৰ সম্মান” কামপুৰ আঞ্চলিক কবি সম্মিলনলৈ,”দ্বিতীয় শ্রেষ্ঠ শাখা”ৰ সম্মান ফুলগুৰি আঞ্চলিক কবি সম্মিলনলৈ,”তৃতীয় শ্রেষ্ঠ শাখা”ৰ সন্মান ৰঙাজিঞা সদৰ শাখালৈ আগবঢ়োৱাৰ লগতে কলিয়াবৰ শাখালৈ “অভিনন্দন সন্মান” আৰু ধিং আঞ্চলিক কবি সন্মিলনলৈ “কৰ্মপ্ৰাণ” সন্মান আগবঢ়োৱা হয় । সভাৰ শেষত পল্লৱী শৰ্মাৰ শলাগৰ শৰাই আৰু কাব্যমন্ত্ৰ পাঠেৰ সামগ্ৰিক অনুষ্ঠানৰ সামৰণি পৰে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও

