Site icon Guwahati Times

নগাঁৱৰ ৰহাৰ জোঙাল বলহু গড়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৫০ কোটি টকাৰে নিৰ্মাণ কৰি থকা পৰ্যটন আচঁনিৰ পৰিদৰ্শন

নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই:–অহা ২০২৬ৰ বিধান সভা নিৰ্বাচনৰ আগত কংগ্ৰেছত কোনো নাথাকিব।—এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ একাংশ নেতা-কৰ্মী কংগ্ৰেছ লৈ ঢাপলি মেলাৰ সম্পৰ্কত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰহাৰ ঐতিহাসিক জোঙালবলহু ক্ষেত্ৰত উপস্থিত হৈ নিৰ্মাণৰত জোঙালবলহু পৰ্যটন ক্ষেত্ৰৰ কামৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা,ৰহাৰ বিধায়ক শশীকান্ত দাস,নগাঁও- বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। উল্ল্যখ্য যে ইতিহাস প্ৰসিদ্ধ বীৰ ৰজা জোঙালবলহু স্মৃতি বিজড়িত ঐতিহ্য ক্ষেত্ৰখন আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰে ৫০কোটি টকা আৱণ্টন দিছিল। যোৱা ২০২৩ চনৰ ৩ জানুৱাৰীত জোঙালবলহু দিৱসত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীয়ে এই নিৰ্মাণকাৰ্য অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে। ইপিনে তিৱা জাতিৰ সংস্কৃতিৰ ধ্বজাবাহক, ডেকা চাং,চামাদি আদিও এই পৰ্যটনস্থলীত নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ড° শৰ্মাই তিৱা স্বায়ত্ত পৰিষদৰ নেতৃবৰ্গৰ লগতো আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীক জোঙাল বলহুৰ স্মৃতি সজীৱৰ বাবে ৰাজ্যৰ চৰকাৰে নিৰ্মাণ কৰি থকা আঁচনিখনত তিৱাৰ জনজীৱনৰ লগত সংলগ্ন হৈ থকা ন-বাৰ,ডেকাচাং,চামাদি,বৰঘৰ আদি প্ৰতিফলিত হোৱা নাই বুলি তিৱা শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যকে ধৰি বহুকেইগৰাকীয়ে মুখ্যমন্ত্ৰীক পৰিদৰ্শন কালতেই জানিব দিয়াত নিৰ্মাণ কৰি থকা স্থানতেই পৰ্যটন বিভাগৰ বিষয়াক বিভিন্ন ঠাইত থকা ডেকা চাং,ন-বাৰ,টঙীঘৰ,বৰঘৰ আৰু চামাদিবোৰ পৰিদৰ্শন কৰি তিৱা সংগঠনৰ নেতৃবৃন্দৰ লগত আলোচনা কৰি সঠিক মতে আৰু কোনো আসোঁৱাহ নথকাকৈ আচঁনিৰ কাম কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথেদি যিকোনো লোক অহা-যোৱা কৰিলে সকলোৰে চকুত পৰাকৈ জোঙাল বলহু গড়ক সজাবলৈ কোৱাৰ লগতে জোঙাল বলহুৰ প্ৰতিমূৰ্ত্তি আৰু পৰ্যটন স্থলীলৈ অহা পথত দুখন তিৱা সম্প্ৰদায়ৰ লোকৰ জনজীৱনৰ প্ৰতিফলিত হোৱাকৈ তোৰণ নিৰ্মাণ কৰিবলৈও নিৰ্দেশ দিয়ে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version