নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–নগাঁও জিলাৰ ৰাইডঙীয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান “প্ৰজন্ম”ৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে চলিত বৰ্ষতো ৰাজ মেধিৰ সোঁৱৰণত ১৪দিনীয়া প্ৰযোজনা ভিত্তিক এখনি নাট কৰ্মশালা আৰম্ভ কৰিছে। বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত সমাজখনত বৌদ্ধিক চিন্তাৰ চৰ্চা বহু পৰিমাণে হ্ৰাস পায় আহিছে। এই সময়ত বহু শিশু,কিশোৰ অবাটে গৈছে । কোনোবাজন যদি অসামাজিক ব্যাধিৰ স্বীকাৰ হৈছে,কোনোবাজনৰ আকৌ ম’বাইলৰ পৰা মুৰ দাঙি চাবলৈ সময় নাই । এনে বিপৰ্যস্ত সময়তে “প্ৰজন্ম”ই ৰাইডঙীয়া অঞ্চলৰ শিশুৰ লগতে কিশোৰসকলক এক সুস্থ সৃষ্টিশীল পৰিৱেশৰ সৈতে পৰিচয় কৰায় দিয়াৰ বাবে ৰবিবাৰে নগাঁও জিলাৰ ৰাইডঙীয়াৰ হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক নাট কৰ্মশালা অাৰম্ভ কৰিছে । কৰ্মশালা শুভাৰম্ভ অনুষ্ঠানটিৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে “প্ৰজন্ম”ৰ সভাপতি অনুপম ৰাজখোৱাই। পাছত নটৰাজৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শিক্ষক বুধেন চন্দ্ৰ বৰাই । প্ৰয়াত ৰাজ মেধিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়াই । শংকৰদেৱৰ শিশু বিদ্যা নিকেতনৰ আচাৰ্য প্ৰভাস বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত চলচ্চিত্ৰ,দূৰদৰ্শন আৰু নাটকৰ জনপ্ৰিয় অভিনেতা পংকজ বৰুৱাই আনুষ্ঠানিক ভাৱে নাট কৰ্মশালাৰ শুভাৰম্ভ কৰে।
কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ৰাইডঙীয়াৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্য্যকৰী সভাপতি নব কমল ৰাজা,জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱা,”প্ৰজন্ম”ৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মূখ্য তত্বাৱধায়ক শংকৰজ্যোতি শৰ্মা,উপ সভাপতি হেমন্ত কলিতা,সম্পাদক পাৰ্থ সাৰথি বৰা,সমাজকৰ্মী ললিত মেধিকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা শুভাৰম্ভ অনুষ্ঠানটিৰ পাছতে নাট্যকাৰ-পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাই নাটক কৰ্মশালাৰ প্ৰথম দিনৰ পাঠদান কাৰ্যসূচী আৰম্ভ কৰে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও

