Site icon Guwahati Times

কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱ,এজন অক্ৰান্ত

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–বানপানী আৰু বাঘৰ আতংকৰ মাজতে এইবাৰ জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত কৰি তুলিছে নগাঁৱৰ কলিয়াবৰবাসীক। কলিয়াবৰৰ এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ব্যক্তিজন হৈছে কলিয়াবৰ মহকুমাৰ সোণাৰী গাঁৱৰ সুজিৎ কুমাৰ চাংমাই বৰুৱা। পৰিয়ালৰ লোকে জনোৱা অনুসৰি কিছুদিনৰ পৰা সুজিৎ জ্বৰত ভুগি আছিল। স্থানীয় চিকিৎসকৰ পৰামৰ্শ অনুসৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জটিল অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে,কলিয়াবৰ মহকুমা স্বাস্থ্য বিভাগে কলিয়াবৰৰ ৰাইজক স্বাস্থ্য সচেতন আৰু সজাগতাৰ বাবে অভিযান আৰম্ভ কৰিছে। সোণাৰী গাঁৱত গাঁওবাসীৰ ঔষধযুক্ত আঠুৱাৰ বাবে স্বাস্থ্যকৰ্মীক নিয়োগ কৰা হৈছে । সন্ধিয়া মহ খেদিবৰ বাবে ঔষধযুক্ত ধোঁৱাৰো ব্যৱস্থা কৰে। বান শিৱিৰত থকা বানাক্ৰান্ত লোকসকলক আঠুৱা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনাইছে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ বিষয়া ডাঃ বীৰেন দেউৰীয়ে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version