Site icon Guwahati Times

নগাঁৱৰ আমোলাপট্টিত চোৰৰ লুটপাত,৩লাখ টকাৰ গহনা চুৰি

নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই :-নগাঁও চহৰৰ সমীপৰ আমোলাপট্টিত গৃহস্থ নথকাৰ সুবিধা লৈ চোৰে লুটি নিলে বহু মূল্যবান সামগ্ৰী । মংগলবাৰে নিশা প্ৰশান্ত কুমাৰ বৰাৰ ঘৰত এক চুৰিৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে,চিকিৎসাজনিত কাৰণত গুৱাহাটীৰ পৰা প্ৰশান্ত কুমাৰ বৰা মঙলবাৰে নিশা নগাঁও চহৰৰৰ আমোলাপট্টিৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে ঘৰৰ দুৱাৰৰ খোলা অৱস্থাত প্ৰত্যক্ষ কৰে। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বৰাৰ পৰিয়ালৰ লোকে আলমিৰা খোলা,ঘৰৰ আচবাব মজিয়াত সিঁচৰিত হৈ থকা দেখি আৰক্ষীক খবৰ দিয়ে । বৰাই জনোৱা মতে ৩লাখ টকাৰ গহনা,নগদ ৮০ হাজাৰ টকাৰ লগতে আন মূল্যবান সামগ্ৰী চোৰে লুটি নিয়ে। চোৰে চুৰি কাৰ্য সংঘটিত কৰাৰ লগতে ঘৰৰ ভিতৰত মদ্যপান কৰি চি চি টিভিৰ মনিটৰটো লৈ যায়। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version