Site icon Guwahati Times

কলিয়াবৰত দুৰ্ঘটনাত পতিত ডাঃ উপেন্দ্ৰ কাকতিৰ অৱস্থা সংকটজনক, চৰকাৰক দায়িত্ব গ্ৰহণৰ দাবী ৰাইজৰ

নিউজ ব্যুৰ’,নগাঁও,২২জুলাই :–নগাঁও জিলাৰ কলিয়াবৰৰ বানপীড়িত অঞ্চলত চিকিৎসা সেৱা আগবঢ়াই উভটি অহাৰ সময়তে ৩জুলাইৰ সন্ধিয়া কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ এখন এম্বুলেন্স দুৰ্ভাগ্যজনকভাৱে দূৰ্ঘটনাত পতিত হৈছিল । দুৰ্ঘটনাটোত ডাঃ উপেন্দ্ৰ কাকতি নামৰ এজন চিকিৎসকৰ লগতে দুজন চিকিৎসা কৰ্মী আৰু চালকজন গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হ’ব লগা হৈছিল। ইয়াৰ ভিতৰত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আছে। উন্নত চিকিৎসাৰ বাবে ডাঃ কাকতিক বাহিৰৰ চিকিৎসালয়লৈ নিবলৈ চিকিৎসকে পৰামৰ্শ দিছে। এই ক্ষেত্ৰত তেওঁৰ চিকিৎসা ব্যয়ৰ বাবে বুজন পৰিমাণৰ অৰ্থৰ প্ৰয়োজন। ইমান খিনি ধন ব্যয় কৰিবলৈ চিকিৎসকৰ পৰিয়ালটো অসমৰ্থ হোৱা বাবে অসহায় পৰিয়ালটোৱে ৰাইজৰ পৰা কিছু অৰ্থ সাহায্য বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। কিন্তু এই ক্ষেত্ৰত স্থানীয় ব্যক্তি গৌতম কুমাৰ বৰা,ৰাজীৱ বৰুৱা, মোহন উপাধ্যায়,ভানু ভৰালী,মাণিক তছা,শৰৎ শ‌ইকীয়া,তৰুণ মুক্তিয়াৰ, কিশোৰী কুমাৰ ডেকা প্ৰমুখ্য কৰি একাংশ সচেতন ৰাইজে সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰক চিকিৎসা ব্যয়ৰ সমুদায় ধন ৰাশি প্ৰদান কৰিবলৈ দাবী জনাইছে । সম্প্ৰতি এই বিষয়টো সামাজিক মাধ্যমত চৰ্চিত। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত বিশেষ তৎপৰতাৰে চিকিৎসকগৰাকীক চৰকাৰী খৰচত চিকিৎসা প্ৰদান কৰিবলৈ সামাজিক মাধ্যমৰ জৰিয়তে কলিয়াবৰৰ লগতে সমগ্ৰ ৰাজ্যখনৰ অধিকাংশ লোকেই আহ্বান জনায় কয় যে যিহেতু চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতিয়ে সেই দিনটোত বানপীড়িত ৰাইজৰ মাজত চিকিৎসা সেৱা প্ৰদান কৰি নিজ কৰ্তব্য শেষ কৰি ঘৰ মুৱা হৈছিল। গোটেই দিনটো চৰকাৰী কামত জড়িত থকাৰ বাবেই তেওঁৰ সমস্ত চিকিৎসা ব্যয় চৰকাৰে বহন কৰিব লাগিব বুলিও ৰাজহুৱা দাবী উত্থাপন হৈছে। কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়। ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version