মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন-বোৱাৰীক হত্যাৰ অভিযোগ। যৌতুকৰ বাবে স্বামী আৰু স্বামী পৰিয়ালে শাৰীৰিক নির্যাতন চলাই বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শিলপুখুৰী গাঁৱৰ ইজাজুল ইছলাম নামৰ যুৱকজনে সাত মাহ পূর্বে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰীগৰাকীৰ সৈতে।
বিয়াৰ পিছৰে পৰা স্বামী আৰু তেওঁৰ পৰিয়ালে বোৱাৰীগৰাকীৰ ওপৰত শাৰীৰিক নির্যাতন চলাই অহাৰ অভিযোগ উঠিছে।
বোৱাৰীগৰাকীক হত্যা কৰি চূড়ান্ত সিদ্ধান্ত লোৱাৰ ৰূপ দিয়াৰ চেষ্টা চলায় স্বামী পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত বড়িবজাৰ আৰক্ষী পহৰা চকীত বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে।

