Site icon Guwahati Times

ধনশিৰি নৈৰ কাষৰীয়া ৰাইজলৈ সাৱধানবাণী গোলাঘাট জিলা প্ৰশাসনৰ!

এৰি দিয়া হৈছে দৈয়াং বান্ধৰ পানী!

NEEPCO কৰ্তৃপক্ষই জনোৱা মতে, আজি পুৱা ৬ বজাত দৈয়াং বান্ধৰ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২.০০ মিটাৰ পোৱা গৈছে। গতিকে আজি পুৱা ১০ বজাত ৰিজাৰ্ভাৰৰ ১নং গেট ২৫ চেণ্টিমিটাৰ মুকলি কৰা হয়।

দিনৰ ১২ বজাত ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২.৪০ মিটাৰ পোৱা গৈছে আৰু গেট খোলাৰ উচ্চতা ০.৫০ মিটাৰলৈ বৃদ্ধি কৰা হৈছে। ৰিজাৰ্ভাৰৰ পৰা মুঠ নিৰ্গমন ১৯.৫৩ কিউমেক।

সেয়ে সংশ্লিষ্ট সকলো বিভাগক সষ্টম হ’বলৈ নিৰ্দেশ জাৰি কৰা হৈছে আৰু দৈয়াং আৰু ধনশিৰি নদীৰ কাষৰীয়া লোকসকলক নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হৈছে।

Exit mobile version