Site icon Guwahati Times

গোসাঁইগাঁৱৰ বৰবাধাত খেলুৱৈ সকললৈ জাৰ্চি বিতৰণ

গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত বৰবাধা ভিচিডিচি কাৰ্যালয়ত খেলুৱৈ সকললৈ জাৰ্চি বিতৰণ। ২৮ নং গোসাঁইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী, গোসাঁইগাওঁ জিলা ক্রীড়া সন্থাৰ সভাপতি হেমেন্দ্ৰ নাথ ব্ৰহ্ম,গোসাঁইগাওঁ পৌৰসভাৰ পৌৰপতি প্ৰফুল্ল ইছলাৰী,ইউপিপিএল কেন্দ্ৰীয় সমিতিৰ যুৱ শাখাৰ সাধাৰণ সম্পাদক সোমনাথ নাৰ্জাৰী লগতে ইউ পি পি এল দলৰ বিভিন্ন পৰ্য্যায়ৰ পদবীধাৰী সকল উপস্থিত থাকি জাৰ্চি বিতৰণ কৰে।বিধায়ক জিৰণ বসুমতাৰী আৰু গোসাঁইগাওঁ জিলা ক্রীড়া সন্থাৰ সভাপতি হেমেন্দ্ৰ নাথ ব্ৰহ্ম কয় যুৱ প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰ অঞ্চলত থকা যিমান ক্লাৱ পঞ্জীয়ন হোৱা আৰু পঞ্জীয়ন নোহোৱা  ক্লাৱ সমূহত ফুটবল,জাৰ্চি আৰু নেট বিতৰণ কৰা হৈছে। ঠিক সেইদৰে  সভাৰ যোগেদি ৫৫ টা ক্লাৱক ফুটবল,জাৰ্চি আৰু নেট বিতৰণ কৰা হৈছে। বিভিন্ন খেল আছে তাৰে ভিতৰত আমাৰ অঞ্চলত যিহেতু ফুটবল খেলটো বেছি চলে। আৰু এই ফুটবল খেলেদি কোকৰাঝাৰ আৰু অসমৰ পৰাই বহুত ভাল ভাল খেলুৱৈ উঠি আহিছে। লগতে কয় যেতিয়া নৱ প্ৰজন্ম খেলৰ প্ৰতি আগ্ৰহী থাকিব বা খেলা ধূলা কৰিব তেতিয়া নিশা জাতীয় বস্তুৰ পৰা দূৰত্ব থাকিব।

Exit mobile version