Site icon Guwahati Times

অসমত অসমীয়াৰ অস্তিত্বৰ ৰক্ষাৰ স্বাৰ্থত বীৰ লাচিত সেনা অসম

যিকোনো বেনাৰ-পোষ্টাৰত প্ৰাধান্য পাব লাগিব অসমীয়া ভাষা

মিৰ্জা, ১ চেপ্তেম্বৰঃ

আজি বীৰ লাচিত সেনা অসমৰ দক্ষিণ কামৰূপ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত আঞ্চলিক সমিতিয়ে এক সংবাদ মেল সম্বোধন কৰি দক্ষিণ কামৰূপত থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ স্বত্বাধিকাৰী সমূহক তেওঁলোকৰ দোকান-পোহাৰ, উদ্যোগ প্ৰতিষ্ঠান সমূহৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী জনাই । কিয়নো বৰ্তমানেও দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তত থকা উদ্যোগ-প্ৰতিষ্ঠান, দোকান-বিপনীসমূহৰ বেনাৰ-পোষ্টাৰত অসমীয়া ভাষাৰ ব্যৱহাৰ হোৱা দেখা পোৱা নাই। সেয়েহে অহা ১৫ দিনৰ ভিতৰত যি সকল প্রতিষ্ঠানে এতিয়ালৈ অসমীয়া ভাষা ব্যৱহাৰ কৰা নাই তেওঁলোকক বাধ্যতা মূলক ভাৱে অসমৰ খিলঞ্জীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী জনাই বীৰ লাচিত সেনাই । অন্যথা ইয়াৰ বিৰুদ্ধে প্রতিবাদী কাৰ্যসূচী গঢ়ি তোলা হব বুলি ও মন্তব্য কৰে ।লগতে দক্ষিণ কামৰূপত গঢ় লৈ উঠা উদ্যোগত প্ৰতিষ্ঠানসমূহত ৮০ শতাংশ কৰ্মচাৰী খিলঞ্জীয়াক নিয়োগ কৰাৰ দাবী জনাই লগতে উদ্যোগ সমূহত কৰ্মৰত কৰ্মচাৰী সকলোধৰণৰ সুবিধাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ সংবাদ মেলতে আহ্বান জনাই বীৰ লাচিত সেনা অসমৰ দক্ষিণ কামৰূপ আঞ্চলিক সমিতিয়ে। সংবাদমেলত বীৰ লাচিত সেনা অসমৰ দক্ষিণ কামৰূপ আঞ্চলিক সমিতিৰ সভাপতি ধীৰক জ্যোতি তালুকদাৰ, মুখ্য সচিব প্ৰণৱ ভাই অসম, বিত্ত সচিব ৰন্তুমণি কলিতা, প্ৰশাসনিক সচিব পৰশ বৈশ্য, সহ সাংগঠনিক সচিব কংকন বৰা উপস্থিত থাকে ।

Exit mobile version