Site icon Guwahati Times

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ যোৰহাট জিলা সমিতিৰ কাৰ্যনিবাহক সভা সম্পন্ন

আজি যোৰহাট জিলাৰ ড° বি আৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত হয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ “কাৰ্যনিবাহক সভা”। সভাৰ আৰম্ভণিতেই পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে ড° বি আৰ আম্বেদকাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। সভাত কেইবাজনো নতুন সদস্যক বিষয়বাব প্ৰদান কৰাৰ লগতে যোৰহাট জিলা সমিতি আৰু অন্তৰ্গত আঞ্চলিক সমিতিৰ নিষ্ক্ৰিয় সদস্য সমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে। সংগঠনৰ আগন্তুক কৰণীয় কাম-কাজ সমূহ আৰু পৰিষদৰ সাংগঠনিক দিশত কিদৰে শক্তিশালী কৰি তুলিব পাৰি ইয়াৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয়। অনুসূচিত জাতিৰ লোকৰ অধিকাৰ আৰু তেওঁলোকৰ প্ৰাপ্যৰ বাবে চৰকাৰে কিদৰে প্ৰদক্ষেপ গ্ৰহণ কৰিছে তাৰ ওপৰতো এক সুন্দৰ বক্তব্য দাঙি ধৰে ৰুবুল দাসে আজিৰ অনুষ্ঠানৰ উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাস, সা.সম্পাদক জিতু কাকতিকে প্ৰমুখ্যে কৰি কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়াৰ লগতে জিলাৰ কাৰ্যকৰ্তা আৰু আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদককে প্ৰমুখ্যে কৰি অন্য বিষয়ববীয়া সকল।

Exit mobile version