Site icon Guwahati Times

‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰাৰ মেজেঙ্গাৰ মুকিবুৰ ৰহমানৰ খিতাপ অৰ্জন।

নতুন দিল্লীত অনুষ্ঠিত হোৱা “ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰা মেজেঙ্গাৰ মুকিবুৰ ৰহমানে INDIAN INTERNATIONAL GLAMOURS MODEL MR INDIA 2023 WINNER খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।
মুকিবুৰৰ আৰ্থিক অৱস্থা দূৰ্বল হোৱা স্বত্বেও নিজৰ প্ৰতিভাৰে উজ্জ্বলি উঠিবলৈ সক্ষম হয়।


১৪ মে’ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত মুজিবুৰ ৰহমান আৰু জেনিচা বেগমৰ পুত্ৰ মুকিবুৰ ৰহমানে লাভ কৰিবলৈ সক্ষম হয় এই খিতাপ। মুকিবুৰ গড়গাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। শিক্ষাগত অধ্যয়নৰ লগতে মুকিবুৰে এই খিতাপ অৰ্জন কৰাত পৰিয়ালৰ লগতে অঞ্চলৰ লোকসকলৰ মাজত আনন্দৰ পৰিবেশে বিৰাজ কৰিছে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট ।।

Exit mobile version