Site icon Guwahati Times

পখিলা খেদাৰ বয়সতে ঘাতমাউৰা হৈ দিকবিদিক হেৰুৱাইছে ঢকুৱাখনাৰ বিশ্বজিৎ-ফুলফুলিয়ে

জীৱন যদি কাৰোবাৰ বাবে উদযাপনৰ ৰঙীন উচাহ কাৰোবাৰ বৰ দুৰ্বিসহ, বৰ যন্ত্ৰণাদায়ক। পখিলা খেদা বয়সতে ঘাটমাউৰা হৈ এতিয়া অন্ধকাৰ ভৱিষ্যতৰ গহ্বৰত সোমাই পৰিছে ঢকুৱাখনাৰ এহাল কণমানি ভাতৃ-ভগ্নী।অকালতে পিতৃ-মাতৃক হেৰুৱাই অভিভাৱকহীন হৈ পৰা ঢকুৱাখনাৰ ধেনুখনা হিলৈদাৰী গাঁওৰ কণমানি বিশ্বজিৎ গগৈ আৰু ফুলফুলি গগৈৰ দুখলগা কাহিনীয়ে অনুভৱ কৰাইছে জীৱন কিমান দুৰ্বিসহ কিমান যন্ত্ৰণা কাতৰ। ধেনুখনা হিলৈদাৰী গাঁৱৰ দুই কণমানিয়ে ৫ বছৰ পূৰ্বে হেৰুৱাইছিল পিতৃক আৰু ৪বছৰ পূৰ্বে মৃত্যু হল মাতৃৰ।

পাঁচ দিন পূৰ্বে বিয়োগ ঘটিল একমাত্ৰ অভিভাৱক আইতাকৰ। পখিলা খেদা বয়সতে ঘাতমাউৰা হৈ এতিয়া দিকবিদিক হেৰুৱাইছে ভাতৃ-ভগ্নীয়ে। অকালতে পিতৃ-মাতৃক হেৰুৱাই ঘাতমাউৰা হোৱা দুই ভাতৃ-ভগ্নীক অশেষ কষ্টৰে লালন-পালন কৰিছিল আইতাক ৰঞ্জনা গগৈয়ে।কিন্তু, সেয়াও যে সহ্য ন’হল নিষ্ঠুৰ নিয়তিৰ। যোৱা মঙ্গলবাৰে ভাতৃ-ভগ্নী হালক ইহসংসাৰত এৰি থৈ জীৱনৰ ইটো পাৰলৈ গুচি গ’ল আইতাক ৰঞ্জনা গগৈ। তাৰ পিছৰে পৰা দিশহাৰা হৈ পৰিছে দুই ভাতৃ-ভগ্নী। ঢকুৱাখনাৰ ধেনুখনা হিলৈদাৰী গাঁৱৰ দূৰ্ভগীয়া ফুলফুলি আৰু বিশ্বজিতৰ ঘৰখনত এতিয়া শোকাকুল পৰিৱেশ। দুৰ্ভগীয়া ভাতৃ-ভগ্নী হালক সান্তনা দিবলৈকো পৰিয়ালত এতিয়া কোনো নাই। ফুলফুলীৰ বাবে বিশ্বজিৎ আৰু বিশ্বজিতৰ বাবে বায়েক ফুলফুলী।জীৱনৰ কুমলীয়া বয়সতে ঘাটমাউৰা হৈ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰী ফুলফুলি গগৈ আৰু তৃতীয় শ্ৰেণীত অধ্যয়নৰত বিশ্বজিত গগৈৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলোৱে কৰিছে এতিয়া চিন্তা কৰিছে। ল’ৰা-ছোৱালীহালৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লগতে আত্মীয় স্বজনো। নিথৰুৱা ল’ৰা-ছোৱালীহালক শিক্ষা-দীক্ষা, ভৰণ-পোষণৰ লগতে সু নাগৰিক হিচাপে গঢ় দিয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক ডা: ৰণোজ পেগুৰ সহায় বিচাৰিছে সকলোৱে।

Exit mobile version