29.9 C
Assam
Monday, September 26, 2022

Featured News

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ উদ্যোগত স্বাধীনতাৰ গৌৰৱময় পদ যাত্ৰা কাৰ্যসুচী

Assamese Newsঅসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ উদ্যোগত স্বাধীনতাৰ গৌৰৱময় পদ যাত্ৰা কাৰ্যসুচী

দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে স্বাধীনতাৰ গৌৱৰময় ইতিহাস সুঁৱৰি যোৱা ৯ আগষ্ট ২০২২ পৰা ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ উপৰিও বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকলৰ উদ্যোগত ৰূপায়িত হৈ অহা স্বাধীনতাৰ গৌৰৱময় পদ যাত্ৰা কাৰ্যসুচী আজি ওদালগুৰি জিলাত অনুস্হিত হয় । ওদালগুৰি জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু পানেৰি সমষ্টি, মাজবাট সমষ্টি, কলাইগাওঁ সমষ্টি ,ওদালগুৰি সমষ্টিৰ অন্তৰ্গত মাজবাট, ৰৌতা, ওদালগুৰি টাউন, ওদালগুৰি গ্ৰাম্য, হৰিচিংগা, টংলা, ভেৰগাওঁ, খৈৰাবাৰি, কলাইগাও ব্লক কংগ্ৰেছ, সেৱা দল, যুৱ কংগ্ৰেছ কমিটিৰ নেতা-কৰ্মী-বিষয়ববীয়া সকলৰ সহযোগত আৰু স্থানীয় ৰাইজৰ উপস্হিত হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ ঐতিহাসিক ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তিযোদ্ধা সকলৰ সীমাহীন ত্যাগ আৰু আত্মবলিদানৰ লগতে তেখেত সকলৰ দেশপ্ৰেমক স্মৰন কৰি বিশাল পদযাত্ৰা কাৰ্যসুচী ৰূপায়ন কৰা হয় ।

আজিৰ কাৰ্যসুচীত উপস্হিত থাকে, ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বড়ো, ওদালগুৰি জিলা কংগ্ৰেছৰ তত্বাৱধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰন সম্পাদক গৰ্জন মুছাহাৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্য্যবাহী সদস্য তথা ওদালগুৰি জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৃষ্টি কুমাৰ বসুমতাৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ জিলা পৰ্য্যবেক্ষক – উমেশ ডেকা, দীপক কলিতা আৰু কৃদীপ বৰ্মণ, অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ সাধাৰণ সম্পাদক ভৱানী দাস, ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰহীত পাৰিগা, জিলা এন.এছ.ইউ.আই.ৰ সভাপতি হৰি ডেকা সহ অন্যান্য বিষয়ববীয়া সকলৰ ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: