স্বাবলম্বী অসমীয়া পশু পক্ষী ফাৰ্মত “নৰ্থ ইষ্ট ডেভেলপমেণ্ট ৱেলফাৰ চচাইটি”ৰ উদ্যোগত এদিনীয়া সচেতনতা মূলক কৰ্মশালা

1 min read

গোবিন্দ দাস : ওৰাং : ৰাজ্যৰ চাকৰি সন্ধানী নিবনুৱা যুৱক-যুৱতী সকলক আত্মসংস্থাপনৰ বাবে সদায়েই উৎসাহিত কৰি অহা ‘স্বাবলম্বী অসমীয়া পশু পক্ষী ফাৰ্মে’ নিবনুৱা যুৱক- যুৱতী সকলক স্বাবলম্বী কৰাৰ মানসেৰে নতুন বছৰত লৈছে বিশেষ পদক্ষেপ।

যি সময়ত ৰাজ্যৰ বহু নিবনুৱা যুৱক- যুৱতীয়ে ৰাজ্যৰ বাহিৰত কৰ্মসংস্থাপনৰ বাবে ধাপলি মেলিছে তেনে সময়তে অসমীয়া যুৱক-যুৱতীৰ বাবে আদৰ্শ দেখুৱাইছে স্বাবলম্বী অসমীয়া পশু পক্ষী ফাৰ্মে। হাঁহ,কুকুৰা,মীন পালন,বঁটা চৰাই, তাৰ্কি, গিনিফল, কদকনাথ কুকুৰা, সোণালী মুৰ্গী,কাৱৈ মাছৰ লগতে কেইবাটাও প্ৰজাতিৰ দেশী- বিদেশী পশু-পক্ষী পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰা নৱ নাথৰ “স্বাৱলম্বী অসমীয়া পশু পক্ষী ফাৰ্ম”ত ৰবিবাৰে নৰ্থ ইষ্ট ডেভেলপমেণ্ট ৱেলফাৰ চচাইটিৰ উদ্যোগত অনুস্থিত হয় এদিনীয়া সচেতনতা মূলক কৰ্মশালা ।

এই কৰ্মশালাত পশু-পক্ষী পালক,মীন পালক, গাহৰি পালক সকলকে ব্যবসায় বৃদ্ধি কৰিবৰ বাবে প্ৰয়োজন হোৱা ধন কেনেদৰে বেংকৰ পৰা লাভ কৰিব পাৰে তাৰ ওপৰত বৰ্ণনা আগবঢ়াই ।

এই সচেতনতা মূলক কৰ্মশালাৰ অনুষ্ঠান নৰ্থ ইষ্ট ৱেলফাৰ ডেভেলপমেণ্ট চচাইটিৰ শোণিতপুৰ জিলাৰ সমন্বয়ক তপন দাসৰ আহ্বান আৰু নৱ নাথৰ আহ্বানত চিৰাজুলীৰ মাজ ৰৌমাৰিৰ স্বাৱলম্বী অসমীয়া পশু পক্ষী ফাৰ্মত অনুস্থিত হয়৷

এই এদিনীয়া সচেতনতা মূলক কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নৰ্থ ইষ্ট ৱেলফাৰ ডেভেলপমেণ্ট চচাইটিৰ অধ্যক্ষ ইবম বজে।

লগতে উপস্থিত থাকে নৰ্থ ইষ্ট ৱেলফাৰ ডেভেলপমেণ্ট চচাইটিৰ দৰং জিলাৰ সমন্বয়ক গোলানুৰ বেগম।

নৰ্থ ইষ্ট ৱেলফাৰ ডেভেলপমেণ্ট চচাইটিৰ উদ্যোগত অনুস্থিত হোৱা এই এদিনীয়া সচেতনতা মূলক কৰ্মশালাত প্ৰায় শতাধিক পশু পক্ষী পালকৰ লগতে মহিলা আৰু যুৱতীয় অংশগ্ৰহণ কৰে । কৰ্মশালাত অংশগ্ৰহণ কৰি পশু পক্ষীৰ পালক সকলে ব্যৱসায় আগবঢ়াই নিবলৈ অধিক উৎসাহিত হয়।

You May Also Like

More From Author