Guwahati Times

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমৰ বৰঙণি

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়ালে প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমে। বুধবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৫০ হাজাৰ ১৫০টকাৰ বৰঙণি আগবঢ়াই সংস্থাটোৱে।

উল্লেখ্য যে সন্থাৰ ১০০৩জন সদস্যই আগবঢ়াই বৰঙণি। ক’ভিড বিৰোধী যুঁজৰ অংশীদাৰ হৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়োৱাৰ কথা অৱগত কৰে সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে।

ইফালে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত সন্থাই তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰও অৰ্পণ কৰে মুখ্যমন্ত্ৰীৰ হাতত।

Exit mobile version