Site icon Guwahati Times

৫ বছৰৰ ভিতৰত অসমক বান মুক্ত কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ

মাজুলীত মুখ্যমন্ত্ৰী সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ।৫ বছৰৰ ভিতৰত অসমক বান মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে।

‘ভাৰত মাতা কী জয়’ ধ্বনিৰে অমিত শ্বাহে আৰম্ভ কৰি  অমিত শ্বাহে কয় যে,” সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাৰ নেতৃত্বত অসমত উগ্ৰপন্থীৰ সমস্যা নোহোৱা হ’ল।বিগত পাঁচ বছৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত বহু উন্নয়নমূলক কাম হৈছে।

মাজুলী-যোৰহাট সংযোগী দলং বিজেপি চৰকাৰৰ বাবেহে সম্ভৱ হ’ল।অসমৰ বৈষ্ণৱ সংস্কৃতি ৰক্ষা কৰি যোৱাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে।সেয়েহে অসমৰ নামঘৰ সমূহলৈ আঢ়ৈ লাখ টকাৰ অনুদান আগবঢ়াইছে চৰকাৰে।”

বিশাল জনসভা সম্বোধন কৰি অমিত শ্বাহে উপস্থিত জনতাক মুখ্যমন্ত্ৰী সোণোৱালক ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনায়।

Exit mobile version