Site icon Guwahati Times

গুৱাহাটী আৰু উমৰাংচুৰ মাজত অচিৰেই চি-প্লেন অৰ্থাৎ সামুদ্ৰিক উৰাজাহাজৰ সেৱা আৰম্ভ

গুৱাহাটী আৰু ডিমা হাচাও জিলাৰ উমৰাংচুৰ মাজত অচিৰেই চি-প্লেন অৰ্থাৎ সামুদ্ৰিক উৰাজাহাজৰ সেৱা আৰম্ভ হ’ব।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী মনসুখ মান্দাভিয়াই এই বিষয়ে ঘোষণা কৰিছে।

অসমকে ধৰি দেশৰ কেইবাটাও নিৰ্বাচিত জলপথত এই সেৱা আৰম্ভ কৰা বাবে প্ৰস্তুতি চলোৱা হৈছে বুলি শ্ৰী মান্দাভিয়াই প্ৰকাশ কৰে।

উল্লেখযোগ্য যে মন্ত্ৰ্যালয়ৰ অধীনৰ সাগৰমালা উন্নয়ন কোম্পানী লিমিটেডে এই চি-প্লেন সেৱাৰ সমগ্ৰ ব্যৱস্থাটো তদাৰক কৰিব।

গুৱাহাটী আৰু উমৰাংচুৰ মাজত এই সেৱা আৰম্ভ হোৱাৰ লগে লগে ৩৫ মিনিটৰ ভিতৰত দুয়োখন ঠাইৰ মাজৰ দূৰত্ব অতিক্ৰম কৰিব পৰা যাব।

ইতিমধ্যে গুজৰাটৰ নমৰ্দা জিলাৰ কেৱাড়িয়া আৰু আহমেদাবাদৰ সবৰমতী ঘাটৰ মাজত এই চি-প্লেন সেৱা আৰম্ভ হৈছে। মাজুলী আৰু কাজিৰঙাৰ মাজতো এই সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।

Exit mobile version