মনোজ বাজপেয়ীৰ সৈতে অভিনয় কৰিব অসম কন্যা উৰ্মিলা মহন্ত

1 min read

ৰেঞ্চিল ডি’চিলভাৰ দ্বাৰা পৰিচালিত নতুন ছবি ডায়েল ১০০ (Dial 100) ত বলীউড অভিনেতা মনোজ বাজপেয়ীৰ সৈতে অভিনয় কৰিব সুদক্ষ অভিনেত্ৰী তথা অসম কন্যা উৰ্মিলা মহন্তই। ৬ আগষ্টৰ পৰা ডিজিটেল প্লেটফৰ্ম জি-৫(Zee5)ত প্ৰিমিয়াৰ হ’বলগীয়া ছবিখনত নীনা গুপ্তা আৰু সাক্ষী তানৱাৰেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

এক টুইটযোগে এখন পোষ্টাৰ শ্বেয়াৰ কৰি অভিনেত্ৰী উৰ্মিলা মহন্তই আগন্তুক ছবিখনৰ বিষয়ে জনাইছে। লগতে টুইটটোত তেওঁ উল্লেখ কৰিছে যে, তেওঁ এই প্ৰকল্পটোৰ অংশ হ’বলৈ পাই বহুত সুখী। ছবিখনত কাম কৰাৰ সুযোগ দিয়াৰ বাবে তেওঁ ৰেঞ্চিল ডি’চিলভাক ধন্যবাদ জ্ঞাপন কৰিছে। লগতে মনোজ বাজপেয়ী, নীনা গুপ্তা, সাক্ষী তানৱাৰকো কৃতজ্ঞতা জ্ঞাপন কৰে উৰ্মিলাই।

পুণেস্থিত ভাৰতীয় ছবি আৰু দুৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা উৰ্মিলা মহন্ত এগৰাকী ভাৰতীয় টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ লগতে নাটক আৰু টিভিচিতো (TVCs) অভিনয় কৰিছে। তেওঁ ২০১২ চনত সমালোচকৰ দ্বাৰা প্ৰশংসিত তামিল অপৰাধ-থ্ৰিলাৰ ভাজাক্কু এন ১৮/৯ (Vazhakku Enn18/9) ৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল।

উল্লেখ্য যে ২০১৫ চনত উৰ্মিলা মহন্তই “মাঞ্জি-দ্য মাউণ্টেইন মেন” ছবিত নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে অভিনয় কৰিছিল।

You May Also Like

More From Author