Site icon Guwahati Times

‘ৰাৱণ আৰু বিৰাট কোহলীৰ চুলি ডিজাইন একেই’ আদিপুৰুষত ছেঈফ আলী খানৰ লুকক লৈ ক্ষুব্ধ লক্ষ্মণ

প্ৰভাস, কৃতি ছানন আৰু ছেঈফ আলী খানৰ ছবি আদিপুৰুষ ছবিগৃহত ১৬ জুনত মুক্তি লাভ কৰিছে। এই ছবিখনে সকলো ফালৰ পৰা সমালোচনা লাভ কৰিছে। সংলাপ আৰু ভিএফএক্সক লৈ ক্ষোভ প্ৰকাশ কৰিছে সকলোৱে। কেৱল দৰ্শকেই নহয়, ১৯৮৭ চনৰ ধাৰাবাহিক ৰামায়ণৰ অভিনেতাসকলো ইয়াক লৈ সুখী নহয়। শেহতীয়াকৈ ধাৰাবাহিকখনত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা সুনীল লাহিৰীয়ে ক্ষোভ প্ৰকাশ কৰিছে। আদিপুৰুষ চোৱাৰ পিছত তেওঁ ৰাৱণৰ চেহেৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

লগতে সুনীলে ছেঈফৰ লুকক লৈ প্ৰশ্ন উত্থাপন কৰি বিৰাট কোহলীৰ সৈতে তুলনা কৰে। ছবিখনত লংকেশ্বৰৰ চৰিত্ৰত অভিনয় কৰিছিল ছেঈফে। সুনীলে কয় যে – ৰাম আৰু লক্ষ্মণৰ কোনো পাৰ্থক্য নাই। দুয়োৰে চেহেৰা আৰু আচৰণ একে। আনহাতে ৰাৱণ লোহা ভাঙি থকা লোহাৰ মিস্ত্ৰী যেন হৈ পৰিছে। ইয়াৰ কি প্ৰয়োজন। মেঘনাথৰ বাহুত টেটু আছে আৰু এই চৰিত্ৰবোৰৰ চুলিৰ ষ্টাইলো অসাৰ। ৰাৱণৰ চুলিৰ ডিজাইটো বিৰাট কোহলীৰ দৰে একে। ই এক লজ্জাজনক কথা। লগতে অভিনেতাগৰাকীয়ে এই ছবিখন শিশুসকলক নেদেখুৱাবলৈও অনুৰোধ কৰিছে।

Exit mobile version