Site icon Guwahati Times

বিয়াৰ ১১ বছৰ পিছত অভিনেতা ৰাম চৰণ আৰু উপাসনাৰ ঘৰলৈ আহিল নতুন আলহী…

দক্ষিণৰ চুপাৰষ্টাৰ ৰাম চৰণে বছৰ বছৰ ধৰি অপেক্ষা কৰি থকা দিনটো অৱশেষত আহি পালেহি। ৰাম চৰণ আজি অৰ্থাৎ ২০ জুন তাৰিখে এগৰাকী কন্যা সন্তানৰ পিতৃ হ’ল। বহুদিন ধৰি চিৰঞ্জীৱিৰ পৰিয়ালে এই বিশেষ মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল, সম্পূৰ্ণ হোৱাৰ লগে লগে সুখৰ জোৱাৰ বিয়পি পৰিল। চিৰঞ্জীৱিৰ পৰিয়ালে এই বিশেষ অতিথিগৰাকীক আদৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল।

ৰাম চৰণৰ পত্নী উপাসনাৰ গৰ্ভধাৰণক লৈ বহুদিন ধৰি চৰ্চা চলিছিল। শেহতীয়াকৈ ৰাম চৰণ আৰু উপাসনাই বিবাহৰ ১১ বছৰীয়া জয়ন্তী উদযাপন কৰে। ২০১২ চনৰ ১৪ জুনত ৰাম চৰণ আৰু উপাসনাই বিবাহপাশত আবদ্ধ হৈছিল। আজি হায়দৰাবাদৰ এপ’ল’ হাস্পতালত এটি কন্যা সন্তান জন্ম দিয়ে উপাসনাই।

Exit mobile version