যাত্ৰা, আশা আৰু অপেক্ষাৰ এক সুন্দৰ আৱেগিক অনুভৱেৰে সমৃদ্ধ হৈছে মুক্তিৰ অপেক্ষাত থকা অসমীয়া চলচ্চিত্ৰ “আদিশক্তি’ ৰ নতুন গীত ‘বহুদূৰ ‘!
শংকুৰাজ কোঁৱৰৰ সুমধুৰ কণ্ঠ, অৰবিন্দ-প্ৰতীক্ষ্যাৰ সুৰীয়া সংগীত আৰু ৰাহুল গৌতম শৰ্মাৰ সাৱলীন শব্দশৈলীয়ে গীতটোক এক বিশেষ মাত্ৰা আৰু অনন্য ৰূপ প্ৰদান কৰিছে।
আনহাতে যোৱা ১ নৱেম্বৰত ‘আদিশক্তি’ৰ অফিচিয়েল ইউটিউব চেনেল/ৱেবচাইটত মুক্তি পোৱাৰ পিছৰে পৰা গীতটোৱে শ্ৰোতাৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে, যোৱা ৩১ অক্টোবৰত গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ‘গীত-মাত’ অনুষ্ঠানত কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে এই গীতটো লাইভ পৰিবেশন কৰি উপস্থিত সকলোৰে পৰা বিপুল সমাদৰ লাভ কৰিছিল।
উল্লেখ্য যে অহা ৪ ডিচেম্বৰত ছবিগৃহলৈ আহিবলগীয়া এই বহুল প্ৰত্যাশিত চলচ্চিত্ৰখনিৰ জৰিয়তে দৰ্শকে এক নতুন সোৱাদ লাভ কৰিব বুলি নিৰ্মাতা গোষ্ঠী গভীৰভাৱে আশাবাদী।
আপুনিও গানটো উপভোগ কৰি আপোনাৰ অনুভৱ আমাৰ লগত কমেণ্ট বক্স ত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব!

