Site icon Guwahati Times

ইতিহাস ৰচি ‘শ্ৰীৰঘুপতি’য়ে বৰ্তমানলৈ কালেকচন কৰিলে ১৩.৮১ কোটি টকা

অভিনেতা ৰবি শৰ্মাৰ বহুচৰ্চিত ছবি ‘শ্ৰীৰঘুপতি’য়ে পূৰ্বৰ বহু অভিলেখ ভংগ কৰিলে। ইতিহাস ৰচি ছবিখনে বক্স অফিচ বৰ্তমানলৈ ১৩.৮১ কোটি টকা কালেকচন কৰিবলৈ সক্ষম হৈছে। লগতে, বিগত ১০ সপ্তাহ ধৰি ছবিগৃহত এই চলচ্চিত্ৰখন চলিছে।

৫ জুনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ জনপ্ৰিয়তাৰ প্ৰমাণ ইয়াৰ বক্স অফিচৰ কালেকচনৰ পৰা পোৱা গৈছে। এই ছবিখন চবলৈ লাখ লাখ মানুহ ওলাই অহা দেখিবলৈ পোৱা গ’ল। সকলোৱে এই ছবিখনক আকোৱালি লৈছে। মানুহে ছবিখন চাই ভাল পাইছে। ইয়াৰ কাহিনীকে ধৰি অভিনেতা–অভিনেত্ৰীসকলৰ অভিনয়ে সকলোকে মোহিত কৰিছে।

Exit mobile version