Site icon Guwahati Times

ছালৰ ৰং ক’লা হোৱাৰ বাবে স্বামীক কৰে অপমান, অৱশেষত হ’লগৈ বিবাহ বিচ্ছেদ

স্বামী-স্ত্ৰীৰ মাজত বিবাহ বিচ্ছেদৰ কাৰণ হয়তো আপুনি বহুত শুনিছে বা জানিছে।কিন্তু ছালৰ ৰং ক’লা হোৱাৰ কাৰণে এজনে আনজনক বিবাহ বিচ্ছেদ দিয়াৰ কথা আগতে শুনিছেনে ? নিশ্চয় শুনা নাই ! কিন্তু শেহতীয়াকৈ এই কাৰণতে ভাঙিল এখন সংসাৰ।

হয়, ঘটনাটো কৰ্ণাটকৰ। কৰ্ণাটক উচ্চ ন্যায়ালয়ে পত্নীয়ে স্বামীক কটলা বুলি অপমান কৰাৰ বাবে এহাল দম্পতীৰ বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে। এই গোচৰৰ প্ৰমাণ সমূহ ভালকৈ পৰীক্ষা কৰাৰ পিছত আদালতে কয় যে, পত্নীয়ে তেওঁৰ স্বামীক ছালৰ ৰং ক’লা হোৱাৰ বাবে যথেষ্ট অপমান কৰিছিল আৰু স্বামীক এৰি থৈ গৈছিল। হিন্দু বিবাহ আইনৰ ধাৰা ১৩(১)(ক)ৰ অধীনত বিবাহ বিচ্ছেদৰ আৱেদন মঞ্জুৰ কৰি উচ্চ ন্যায়ালয়ে লগতে কয়, ‘এই দিশটো ঢাকিবলৈ পত্নীয়ে স্বামীৰ বিৰুদ্ধে অবৈধ সম্পৰ্কৰ মিছা অভিযোগ আনিছিল।এই তথ্যবোৰ নিশ্চিতভাৱে নিষ্ঠুৰতাৰ সমান।’ বাংগালুৰুস্থিত এই দম্পতীহালে ২০০৭ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু সম্প্ৰতি তেওঁলোক এগৰাকী কন্যা সন্তানৰ অভিভাৱক।

মহিলাগৰাকীয়ে দৈনিক কৰা অপমানত অতিষ্ঠ হৈ স্বামীয়ে ২০১২ চনত বেংগালুৰুৰ এখন পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল।আনহাতে, মহিলাগৰাকীয়েও ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৮এৰ অধীনত তেওঁৰ স্বামী আৰু শহুৰেকে তেওঁক শাৰীৰিক তথা মানসিক অত্যাচাৰ চলাই বুলি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।তেওঁ ঘৰুৱা হিংসা আইনৰ অধীনত গোচৰ ৰুজু কৰি কন্যা সন্তান তথা স্বামীগৃহ এৰি নিজৰ পিতৃ-মাতৃৰ সৈতে থাকিবলৈ লৈছিল।

পাৰিবাৰিক আদালতে ২০১৭ চনত স্বামীৰ বিবাহ বিচ্ছেদৰ আবেদন নাকচ কৰিছিল আৰু ইয়াৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।উচ্চ নায়ালয়ৰ ন্যায়াধীশ আলোক আৰাধে আৰু অনন্ত ৰামনাথ হেগড়েৰ এটা খণ্ড বিচাৰপীঠে উল্লেখ কৰা মতে, মহিলাগৰাকীয়ে প্ৰতিদিনে স্বামীক তেওঁৰ ক’লা বৰণৰ বাবে অপমানিত কৰি আহিছিল। কেৱল সন্তানৰ কথা চিন্তা কৰিহে তেওঁ এই অপমান সহ্য কৰি আছিল। উচ্চ ন্যায়ালয়ে কয় যে, নিজৰ স্বামীক ‘ক’লা’ বুলি কোৱাটো নিষ্ঠুৰতাৰ সমান। পত্নীয়েও তেওঁৰ স্বামীৰ ওচৰলৈ ঘূৰি যাবলৈ কোনো প্ৰয়াস কৰা নাছিল আৰু ৰেকৰ্ডত উপলব্ধ প্ৰমাণবোৰে এয়াও স্পষ্ট কৰে যে তেওঁ এই বিবাহত আগ্ৰহী নাছিল কিয়নো স্বামীক ক’লা ৰঙৰ আছিল।

Exit mobile version