Site icon Guwahati Times

পৰৱৰ্তী সময়ত মংগল আৰু শুক্ৰ গ্ৰহত হ’ব সফল অৱতৰণঃ ইছৰোৰ অধ্যক্ষ

২৩ আগষ্ট,২০২৩ ভাৰতৰ বাবে এক বিশেষ দিন। এই দিনটোতেই ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ সফল অৱতৰণ হয় চন্দ্ৰপৃষ্ঠত।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) মুৰব্বী এছ. সোমনাথে চন্দ্ৰযান-৩ৰ সফলতাত আনন্দ প্ৰকাশ কৰে আৰু বিজ্ঞানীসকলক কৃতিত্ব দিয়ে। ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে আগন্তুক সময়ত ইছৰোৰ মহাকাশযানে মংগল গ্ৰহটো অৱতৰণ কৰিব।

ইছৰোৰ মুৰব্বীয়ে কয় যে ভাৰতে মাত্ৰ দুটা অভিযানত এই সফলতা অৰ্জন কৰিছে। চন্দ্ৰত অৱতৰণৰ প্ৰথম প্ৰয়াস কৰিছিল চন্দ্ৰযান-২ য়ে। কিন্তু শেষ মুহূৰ্তত বিফল হয় সেই অভিযান। আনহাতে চন্দ্ৰযান-৩ অভিযান সম্পূৰ্ণৰূপে সফল হয়। চন্দ্ৰযান-১ৰ উদ্দেশ্য আছিল চন্দ্ৰৰ কক্ষপথত কেৱল এটা মানৱবিহীন মহাকাশযান স্থাপন কৰা।

তেওঁ কয় যে, “এই সফলতাই আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে। পৰৱৰ্তী সময়ত আমাৰ মহাকাশযান মঙ্গলগ্ৰহলৈও যাব। এটা সময়ত মঙ্গল গ্ৰহত কোমল অৱতৰণ হ’ব আৰু ভৱিষ্যতে শুক্ৰ আৰু অন্যান্য গ্ৰহতো এয়া চেষ্টা কৰা হ’ব।

তেওঁ কয় যে, চন্দ্ৰযান-২ অভিযানৰ লগত যিসকল বিজ্ঞানী জড়িত আছিল তাৰে প্ৰায় সংখ্যক বৈজ্ঞানিক চন্দ্ৰযান-৩ অভিযানতো জড়িত আছিল।এই অভিযানত প্ৰায় ১০০০ গৰাকী বিজ্ঞানী- অভিযন্তা জড়িত আছিল। সকলোৰে কষ্ট আৰু প্ৰচেষ্টাৰ ফলত এই অভিযান সফল হোৱা বুলি কয় তেওঁ।

Exit mobile version