Site icon Guwahati Times

দেশৰ ক্ৰীড়াপ্ৰেমীৰ বাবে গটা ভাল খবৰ, বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পুনৰ উজ্জ্বলি উঠিল ভাৰত

বেইজিং অলিম্পিকত ইতিহাস সৃষ্টিৰে জেভলিন নিক্ষেপ কৰি স্বৰ্ণ পদক আজুৰি অনা নীৰজ চোপ্রাই পুনৰ উজ্জ্বলি উঠিল হাংগেৰীৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত।

হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত স্বৰ্ণপদক দখলৰ লগতে একাধিক পদক লাভ কৰি জেভলিন থ্ৰ’ৱাৰ নীৰজে প্রথম ভাৰতীয় খেলুৱৈ হোৱাৰ খিতাপ অৰ্জন কৰি পুনৰ ভাৰতবাসীক গৌৰবান্বিত কৰে ৷

চেম্পিয়নশ্বিপত ৮৮.১৭ মিটাৰ ইভেণ্টত জেভলিন নিক্ষেপ কৰি নীৰজ চোপ্রাই স্বৰ্ণ পদক দখল কৰাৰ বিপৰীতে ৮৭.৮২ মিটাৰেৰে পাকিস্তানৰ নদীমে ৰূপৰ পদকতে ক্ষান্ত থাকে ৷

আনহাতে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাৰ উপৰি আন এগৰাকী ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ কিশোৰ জিনাৰে প্ৰতিযোগিতাত ৮৪.৭৭ মিটাৰ দলিয়াই পঞ্চম স্থান আৰু ডি পি মনুই ৮৪.১৪ মিটাৰেৰে ষষ্ঠ স্থান লাভ কৰে ৷

আনহাতে নীৰজৰ এই ৰাজকীয় সাফল্যক চ’ছিয়েল মেডিয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাই ৷

Exit mobile version