Site icon Guwahati Times

অৰুণাচল প্ৰদেশৰ এটা অংশক সাঙুৰি চীনে প্ৰকাশ কৰিলে নতুন ভৌগোলিক মানচিত্ৰ

“ষ্টেণ্ডাৰড মেপ” নামেৰে প্ৰকাশ কৰা এই মানচিত্ৰই এতিয়া দেশত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় মানচিত্ৰ সজাগতা অভিযানৰ প্ৰচাৰৰ অংশ হিচাপে প্ৰকাশ কৰিছে মানচিত্ৰখন।
মানচিত্ৰখন প্ৰকাশৰ পাছতেই ভাৰতত বিশেষকৈ উত্তৰ-পূবত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। কিয়নো এই মানচিত্ৰখনত চীনৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে সাঙুৰি লোৱা হৈছে অৰুণাচল প্ৰদেশৰ এটা অংশক। ইয়াৰ পূৰ্বেও বিগত এপ্ৰিল মাহত অৰুণাচলৰ ১১ টা অঞ্চলক নিজৰ শাসিনাধিস্থ এলেকা হিচাপে স্ব-ঘোষণ কৰি চীনে ঠাইসমূহৰ নতুন নামাকৰণ কৰিছিল। সমান্তৰালভাবে লাডাখৰ এটা অংশতো চীনে নিজৰ অধিকাৰ সাব্যস্ত কৰিছে।
Exit mobile version