Site icon Guwahati Times

ভাৰতীয় টেলিকম বজাৰ দখলৰ প্ৰস্তুতি চলাইছে ইলন মাস্কে

প্ৰধানমন্ত্ৰীৰ মাস্কৰ সৈতে হোৱা বৈঠকৰ পিছত ইলন মাস্কে ভাৰতত নিজৰ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা আৰম্ভ কৰিব বিচাৰিছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰণি জনোৱা বুলিও জানিব পৰা গৈছে।
এই সেৱা আৰম্ভ হ’লে ভাৰতত ইণ্টাৰনেট সেৱাৰ ক্ষেত্ৰত এক নতুন দিগন্ত মুকলি হ’ব। কেৱল এয়াই নহয়, ভাৰতৰ অন্যান্য টেলিকম খণ্ড যেনে জিঅ’, এয়াৰটেল আদিয়ে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব লাগিব।
এই প্ৰেক্ষাপটত ষ্টাৰলিংক হৈছে এক অভিনৱ ইণ্টাৰনেট সেৱা প্ৰদানকাৰী। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল এই কোম্পানীয়ে পোনপটীয়াকৈ চেটেলাইটৰ জৰিয়তে ইণ্টাৰনেট সেৱা প্ৰদান কৰে। ফলত টাৱাৰৰ প্ৰয়োজন নহয়।
উল্লেখ্য যে মাস্কে ভাৰতত এই সেৱা আৰম্ভ কৰিলে প্ৰত্যক্ষ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব মুকেশ আম্বানী। কিয়নো, বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ বিপৰীতে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী।
Exit mobile version