Site icon Guwahati Times

কবৰৰ পৰা উভতি আহিল য়েভজেনি প্রিগোজিন !

কবৰৰ পৰা উভতি আহিল ৱাগনাৰ বাহিনীৰ মুৰব্বী য়েভজেনি প্রিগোজিন। সঁচাকৈয়ে জীৱিত আছে নেকি ৰাছিয়াৰ ভাৰাতীয়া বাহিনী ৱাগনাৰৰ মুৰব্বী? শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ’ক কেন্দ্র কৰি এই প্রশ্ণ উত্থাপন হৈছে৷ আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে সদ্য ‘মৃত’ বিদ্রোহী প্রিগোজিনৰ এক ভিডিঅ’৷ এই ভিডিঅ’ত নিজে সুস্থ থকাৰ বার্তা দিছে ৱাগনাৰৰ মুৰব্বীয়ে৷ ভিডিঅ’ ক্লিপটোত প্রিগোজিনৰ কণ্ঠত শুনিবলৈ পোৱা গৈছে– ‘যিসকলে আলোচনা কৰিছে, মই জীৱিত নে মৃত, কি কৰিছোঁ, কেনেদৰে আছোঁ, তেওঁলোকক কৈ থওঁ মই ভালে আছোঁ৷ উল্লেখনীয় যে ২৩ আগষ্টত বিমান দুর্ঘটনাত প্রিগোজিনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে ৰাছিয়াই৷

Exit mobile version