Site icon Guwahati Times

নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ ২৪ সংখ্যক বাৰ্ষিক মুকলি অধিবেশন সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৪ছেপ্টেম্বৰ:–বিগত আঢ়ৈ দশক জুৰি সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণত ব্ৰতী হৈ থকা ব্যতিক্ৰমী অনুষ্ঠান নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ ২৪স‌ংখ্যক বাৰ্ষিক মুকলি অধিৱেশনখন আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে মঞ্চৰ নিজা ভৱন ‘আনন্দম’ত সভাত সভাপতিত্ব কৰে অধ্যাপক,সংস্কৃতজ্ঞ গুণ শ‌ইকীয়াই। বিশিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সাহিত্যিক,সদৌ অসম মহিলা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী আভা বৰাই কয় যে সংস্কৃত অবিহনে অসমীয়া মানুহে মনৰ কোনো গহীন ভাৱ প্ৰকাশ কৰিব নোৱাৰে। ভাৰতীয় চিৰায়ত ভাৱধাৰা বুজিবলৈ হ’লে সংস্কৃত ভাষা নহ’লেই নহয়। অসমতো আছে তাৰ প্ৰায় তিনিহেজাৰ বছৰীয়া সমৃদ্ধ পৰম্পৰা। আন এজন বিশিষ্ট বক্তা অধ্যাপক উপেন্দ্ৰ বৰকটকীয়ে কয় যে সংস্কৃতেই হ’ল ভাৰতৰ আত্মা, ভাৰতৰ আধ্যাত্মিক পৰিচয়। দুখনকৈ ভাৰতীয় চিন্তামূলক গ্ৰন্থ- মঞ্চৰ সম্পাদক ড°ধৰ্মেশ্বৰ গোস্বামীৰ লিখিত “প্ৰাচ্য-সংস্কৃতিৰ প্ৰৱাহ” আৰু নগাঁৱৰ বিশিষ্ট নাগৰিক,সমাজহিতৈষী প্ৰয়াত নৰেন বৰাৰ স্মৃতিত উৎসৰ্গিত তথা শিল্পী ৰঞ্জন বেজবৰুৱা সম্পাদিত মঞ্চৰ বাৰ্ষিক মুখপত্ৰ “অভিজ্ঞানম্” উন্মোচন কৰি আকৰ্ষণীয় বক্তৃতা প্ৰদান কৰে ক্ৰমে প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা আৰু শিক্ষাবিদ কৃষ্ণ গোস্বামীয়ে। শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ভাষণত বিশ্ববিশ্ৰুত স্বামী বিৱেকানন্দৰ ভাষণতো সংস্কৃত ব্যাখ্যা-উদ্ধৃতিৰ ভুল ধৰা অসমীয়া পণ্ডিত ধীৰেশ্বৰাচাৰ্যৰ উদাহৰণ ডাঙি ধৰে। এই সভাতে সত্ৰীয়া সংস্কৃতিৰ সাধক,শিক্ষাবিদ লেখক যুগল চন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জনোৱা হয়। ইপিনে পুৱাৰ ভাগত বিভিন্ন বিদ্যালয়ৰ ভালসংখ্যক ছাত্ৰী-ছাত্ৰীৰ মাজত হোৱা সংস্কৃত স্তৱ-স্তোত্ৰ-গীত আৰু ভাষণ প্ৰতিযোগিতাও সফলভাৱে অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে ৰঞ্জন বেজবৰুৱাৰ পৰিচালনাত সংস্কৃত সঙ্গীত পৰিৱেশন কৰে উদীয়মান শিল্পী তপস্যা মহন্ত,জিষ্ণু বেজবৰুৱা আৰু হাতীচোং চকলাঘাটৰ ‘সৃষ্টি’ সাংস্কৃতিক দলৰ মহিলা শিল্পীসকলে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version