Site icon Guwahati Times

পুনৰ বিহুক বিকৃত ৰূপত উপস্থাপন কৰা হ’ল জি-২০

পুনৰ বিকৃত কৰা হ’ল বিহু নৃত্যৰ ৷ বিদেশী ৰাষ্ট্ৰ প্রধানৰ সমুখত অসমৰ সংস্কৃতি বুলি বিকৃত ৰূপত বিহুক উপস্থাপন কৰা হয়।

উল্লেখ্য যে,জি ২০ সন্মিলনত অংশ গ্ৰহণৰ বাবে বৃটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকক দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত আদৰণি জনোৱা হৈছিল বিহু নৃত্যৰে।

অৱশ্যে এইয়া অসমবাসীৰ বাবে গোৰৱৰ ক্ষণ ৷ কিন্তু কাৰ্যত ৰাষ্ট্ৰ প্ৰধানৰ সমুখত বিহু নৃত্যক উপস্থাপন কৰা হ’ল বিকৃতভাৱে ৷

অদ্ভুত ভংগীমাৰে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহু নৃত্যক ইভেণ্ট মেনেজমেণ্ট গ্ৰুপে উপস্থাপন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ সকলোৱে একেমুখে গৰিহনা দিয়ে ৷

Exit mobile version