Site icon Guwahati Times

গুৰুতৰভাৱে অসুস্থ গায়িকা মেডোনা

বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে কেইবাদিনো ধৰি নিউয়ৰ্ক চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে গায়িকাগৰাকী। গায়িকাগৰাকীৰ মেনেজাৰ গাই ওজাৰীয়ে প্ৰকাশ কৰা অনুসৰি মেডোনাৰ অৱস্থা পূৰ্বতকৈ ভাল হৈছে যদিও সম্পূৰ্ণ সুস্থ হ’বলৈ সময় লাগিব।

বুধবাৰে মেডোনাৰ দীৰ্ঘকালৰ মেনেজাৰ গাই ওজাৰীয়ে ইনষ্টাগ্ৰামত গায়িকাগৰাকীৰ অসুস্থতাৰ বিষয়ে এক বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত তেওঁ লিখিছে, ‘২৪ জুনত তেওঁক গুৰুতৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে আইচিইউলৈ লৈ যোৱা হৈছিল। তেওঁৰ শাৰীৰিক অৱস্থাৰ উন্নতি ঘটিছে যদিও তেওঁ আৰু কেইদিনমান ডাক্তৰৰ পৰ্যবেক্ষণত থাকিব লাগিব।

অহা মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল মেডোনাৰ ৮৪ দিনীয়া বিশ্ব ভ্ৰমণ। কিন্তু ৬৪ বছৰীয়া গায়িকগৰাকীৰ বাবে সেইটো আৰম্ভ কৰা সম্ভৱ নহ’ব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়ে গাই ওজাৰীয়ে।

Exit mobile version