Site icon Guwahati Times

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল নাৰায়ণপুৰৰ বিশাল

সৰুতে পিতৃ মাতৃক হেৰুৱাই নিঠৰুৱা হোৱা ল’ৰাটোৱে এতিয়া গৌৰৱ কঢ়িয়াই আনিছে পৰিয়াল তথা সমগ্ৰ অঞ্চললৈ। একাগ্ৰতা আৰু নিজা প্ৰচেষ্টাত কেৱল মোবাইলৰ সহায়ত শিকি আজি জিলিকিছে তেওঁ। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত নাৰায়ণপুৰৰ এগৰাকী ছাত্ৰই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ নাম বিশাল শইকীয়া। এম চি এ ৰ (মডেল’ছ ক্ৰিয়েটৰ একাডেমী) উদ্যোগত লক্ষ্ণৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্চেল ইণ্ডিয়া খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বিশালৰ সাফল্যত পৰিয়ালৰ লগতে নাৰায়ণপুৰবাসীৰ মাজত আনন্দ উল্লাহ দেখা পৰিলক্ষিত হৈছে ৷ আজি নাৰায়ণপুৰৰ দেওতোলাত বিশালৰ বাসগৃহত বিভিন্নজন উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷ বিশালে বিগত সময়ত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত পাৰফেক্ট গ্ৰেম, নৰ্থ ইষ্ট নেক্সটপ মডেল, চুপাৰ মডেল অফ শোণিতপুৰ, গ্ৰেমাৰছ অফ আছাম, ব্ৰেণ্ড এম্বেচাডৰ, বেষ্ট ৱাক আদি খিতাপ অৰ্জন কৰিছে ৷ বিশাল প্ৰয়াত মহেশ্বৰ শইকীয়া আৰু প্ৰয়াত মিতালী শইকীয়াৰ পুত্ৰ ৷
Exit mobile version