Site icon Guwahati Times

জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘটিত হোৱা সংঘৰ্ষত সেনা, আৰক্ষীৰ ৩ জনকৈ শীৰ্ষ বিষয়াৰ মৃত্যুৰ ঘটনাত দেশজুৰি শোকৰ ছাঁ

এই সংঘৰ্ষত ছহিদ হৈছে সেনাৰ এগৰাকী কৰ্নেল, মেজৰ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী ডি এছ পি। আনহাতে এতিয়াও সন্ধানহীন হৈ আছে দুজনকৈ জোৱান।
এই সংঘৰ্ষত শ্বহীদ হৈছে ১৯ ৰাষ্ট্ৰীয় ৰাইফলৰ কামাণ্ডিং অফিচাৰ কৰ্নেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনচাক আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ ডি এছ পি গৰাকী হল হুমায়ুন ভাট। তিনিওগৰাকী ছহিদ শীৰ্ষ বিষয়ালৈ জম্মু-কাশ্মীৰ আৰক্ষীৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কেইখনমান ফটো জম্মু-কাশ্মীৰ আৰক্ষীয়ে সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে। য’ত দেখিবলৈ পোৱা গৈছে জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিং, উপ-ৰাজ্যপাল মনোজ সিনহা আদিৰ লগতে ছহিদ ডি এছ পি হুমায়ুন ভাটৰ পিতৃয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
উল্লেখ্য যে, হুমায়ুন ভাটৰ পিতৃও আছিল এগৰাকী আৰক্ষী বিষয়া। হুমায়ুন ভাটৰ পিতৃ গুলাম হাছান ভাট জম্মু-কাশ্মীৰ আৰক্ষীৰ আই জি হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। নিজে যিদৰে আৰক্ষীত যোগদান কৰি সেৱা আগবঢ়াইছিল ঠিক সেইদৰে নিজৰ সন্তানকো তেওঁ আৰক্ষী সেৱাত নিয়োগ হ’বলৈ আগবঢ়াই দিছিল।
ইফালে এইগৰাকী সাহসী আৰক্ষী বিষয়াৰ শেহতীয়াকৈ বিবাহ সম্পন্ন হৈছিল। তেওঁৰ এগৰাকী দুমহীয়া কন্যা সন্তানো আছিল। কন্যা সন্তানটিৰ মুখৰ পৰা আব্বা শব্দটো শুনাৰ পূৰ্বেই তেওঁ সন্ত্ৰাসবাদীৰে সংঘৰ্ষত দেশৰ বাবে ছহিদ হয়।
তেওঁৰ এই ত্যাগক সন্মান জনায় জম্মু-কাশ্মীৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে কয়, কৰ্নেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনচাক আৰু ডি এছ পি হুমায়ুন ভাটৰ বিয়োগত যথেষ্ট দুখী হৈছো।

Exit mobile version