Site icon Guwahati Times

বৰপেটাৰোডৰ নিৰুদ্দিষ্ট যুৱতী হাৰিয়ানাত উদ্ধাৰ…

একাংশ দুষ্টচক্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰলোভনেৰে অসমৰ যুৱতীক দেশৰ বিভিন্ন ৰাজ্যত লৈ গৈ বিক্ৰী কৰাৰ ঘটনা বহু সময়ৰ পৰা ঘটি আহিছে ৷ অসমৰ যুৱতী মহিলাসকলক বহি:ৰাজ্যত বিক্ৰী কৰাৰ পাচত সেইসকল যুৱতী মহিলাক অসামাজিক কাৰ্যকলাপত লিপ্ত কৰোৱাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈ থকাৰ কথা সৰ্বজনবিদিত ৷

শেহতীয়াকৈ তেনে এক জঘন্য ঘটনা সংঘটিত হৈছে বৰপেটাৰোডত । বিগত ২০ ছেপ্টেম্বৰত বৰপেটাৰোডৰ বালাভিঠাৰ পৰা এগৰাকী যুৱতী নিৰুদিষ্ট হোৱাৰ পাচতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে যুৱতীগৰাকী নিৰুদিষ্ট হোৱাৰ তদন্ত অব্যাহত ৰাখে ৷ আৰক্ষীৰ তদন্তত যুৱতীগৰাকী হাৰিয়ানাত থকা বুলি তথ্য লাভ কৰে বৰপেটাৰোড আৰক্ষীয়ে ।

পাচত বৰপেটাৰোড আৰক্ষীৰ দল এটাই হাৰিয়ানাত উপস্থিত হৈ হাৰিয়ানাৰ ৰোহতক জিলাৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰা যুৱতীগৰাকীক লৈ শুকুৰবাৰে বৰপেটাৰোড আৰক্ষী থানাত উপস্থিত হয় আৰক্ষীৰ দলটো । যুৱতীগৰাকীক হাৰিয়ানা কেনেকৈ পালেগৈ তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version