আপোনাৰ জন্ম মাহ অক্টোবৰ নেকি? পূজাৰ মাহত জন্ম হ’লে কি হয়?
Shahnawaz Hamza
আপোনাৰ জন্ম মাহ অক্টোবৰ নেকি? এই মাহত জন্ম হোৱা লোকে যিয়েই বেয়া পৰিস্থিতিৰ সন্মুখীন নহওক কিয় কেতিয়াও হাৰ নামানে…
জ্যোতিষ শাস্ত্ৰৰ মতে এজন ব্যক্তিৰ জন্মৰ মাহৰ দ্বাৰা তেওঁৰ বৈশিষ্ট্য আৰু আচৰণ নিৰ্ণয় কৰা হয়। জ্যোতিষী ৰামকৃষ্ণ সাহাৰ মতে অক্টোবৰ মাহত জন্ম হোৱা লোকসকল অতি আশাবাদী। বেয়া পৰিস্থিতি আহিলেও কেতিয়াও হাৰ নামানে।
এই মাহত জন্ম হোৱা লোকসকলে শেষলৈকে নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰে।
ৰামকৃষ্ণ সাহাই লগতে কয় যে এই মাহত জন্ম হোৱাসকল ইতিবাচক আৰু নেতিবাচক দুয়োটা গুণেৰে ভৰপূৰ। কিন্তু তেওঁলোকে অতিৰিক্ত খৰচ কৰি ভাল পায়। ফলত তেওঁলোক আৰ্থিক সমস্যাৰ সন্মুখীন হয়।
এই মাহত জন্ম হোৱা মানুহবোৰ ৰোমান্টিক স্বভাৱৰ। তেওঁলোকে নিজৰ সংগীক বহুত ভাল পায়। তেওঁলোকে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল পায়। অক্টোবৰ মাহত জন্ম হোৱা লোকৰ প্ৰত্যাহ্বান লোৱাৰ ক্ষমতা বেছি।
এওঁলোক অতি সংবেদনশীল। সৰু কথা এটাক লৈও বিচলিত হয়। তেওঁলোকৰ অপছন্দৰ কথা বুজি পোৱাটো সকলোৰে পক্ষে সম্ভৱপৰ নহয়।