Site icon Guwahati Times

ৱৰ্ল্ড চেম্পিয়নশ্বিপত শীৰ্ষ খিতাপ অৰ্জন কৰিলে অসম সন্তান অভিজিৎ বৰুৱাই

যোৰহাটৰ পৰা গৈ দক্ষিণ আফ্ৰিকাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা অসম সন্তান অভিজিৎ বৰুৱাই শুকুৰবাৰে ৰাতি দক্ষিণ আফ্ৰিকাৰ টাঞ্জানিয়াৰ দাৰদা ইছলামত অনুষ্ঠিত চতুৰ্থ আন্তজাৰ্তিক পেছাদাৰী বক্সিং প্ৰতিযোগিতাত ১১ বাৰকৈ চেম্পিয়ন তথা দুবাৰকৈ ইউনিভাৰ্ছেল বক্সিং অৰ্গেনাইশ্যন চমুকৈ ইউ বি অ’ৰ টাইটেল প্ৰাপ্ত বিশ্ব বিখ্যাত ছালেহা মুকালেকৱাৰক প্ৰথম ৰাউণ্ডৰ কেইটামান ছেকেণ্ডতেই নক্ আউটৰে ছালেহাক পৰাজিত কৰি অভিজিত চেম্পিয়ন খিতাপ অৰ্জন কৰিছে।
উল্লেখযোগ্য যে, অভিজিৎ বৰুৱাই ইয়াৰ পূৰ্বে আন্তজাৰ্তিক প্ৰতিযোগিতাত থাইলেণ্ডৰ বামদেৱ ঝুম্পাক পৰাজিত কৰি ১১ বাৰ চেম্পিয়ন খিতাপ অৰ্জন কৰি থকা ছালেহা মুকালেকৱাৰ সৈতে মুখামুখি হোৱাৰ যোগ্যতা অৰ্জন কৰা অভিজিতে বিশ্ব বক্সিং পৰিষদ আৰু এচিয়ান বক্সিং পৰিষদৰ অধীনত হোৱা পেছাদাৰী বক্সিং প্ৰতিযোগিতাত বৰুৱাই বৰ্তমানলৈকে এই জয়যাত্ৰা অব্যাহত ৰখাৰ লগতে ৩খনকৈ প্ৰতিযোগিতাত নক্ আউট কৰিছিল বিপৰীত পক্ষক।
এনেদৰে অভিজিৎ বৰুৱাই আন্তৰ্জাতিক পৰ্যায়ৰ পেছাদাৰী বক্সিঙত জীৱনৰ প্ৰথমখন খেলত প্ৰথম ৰাউণ্ডতেই দিল্লীৰ হিতেশ কাচানক মাত্ৰ ১০ চেকেণ্ডতে নক্ আউট কৰি চমকপ্ৰদ সৃষ্টিৰে খেলুৱৈ জীৱন আৰম্ভ কৰিছিল।

Exit mobile version