Site icon Guwahati Times

বহিঃৰাজ্যত সন্ধানহীন টিংখাঙৰ যুৱক…

আঢ়ৈ বছৰীয়া পুত্ৰক কোলাত লৈ হাহাকাৰ পত্নীৰ
 পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। কাম কৰিবলৈ বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত সন্ধানহীন টিংখাঙৰ বামুণবাৰী আৰক্ষী চকী এলেকাধীন ১নং জামুগুৰি গাঁৱৰ ৰুবুল ওৰাং । যোৱা ২৩ ছেপ্টেম্বৰত কেৰালালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন। তিনিটা দিন ফোনযোগে কথা পাতিছিল পৰিয়ালৰ সৈতে । অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ ৰে’ল ষ্টেচনত কিবা কাৰণত নমাৰ কথাও অৱগত কৰিছিল পৰিয়ালক । ইয়াৰ পিছৰে পৰা যোগাযোগ বিছিন্ন হৈ আছে । মোবাইল ফোনটো বন্ধ হৈ আছে। যুৱকজন নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী চকীত লিখিতভাৱে অৱগত কৰিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । যুৱকজনৰ নিৰুদ্দেশৰ পিছতে পৰিয়ালত এতিয়া আঢ়ৈ বছৰীয়া পুত্ৰ সন্তানক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে পত্নীয়ে । কোনো লোকে যদি যুৱকজনৰ সন্ধান লাভ কৰে, তেন্তে 93959-07653 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে ।
Exit mobile version