Site icon Guwahati Times

১৯ বছৰ অনূৰ্ধ্ব মহিলা ক্ৰিকেট প্ৰতিযোগিতাত স্থান লাভ কৰিমগঞ্জৰ বাবলী দাসৰ

কৰিমগঞ্জ জিলাৰ নগেন্দ্ৰনগৰ জিপিৰ ফাকুৱা গাঁৱৰ শিক্ষক গৌৰ হৰিদাস আৰু ঝৰ্ণা ৰাণী দাসৰ জ্যেষ্ঠ কন্যা।

শৈশৱৰ পৰাই তেওঁৰ ক্ৰিকেট খেলৰ প্ৰতি অধিক আগ্ৰহ আছিল। যাৰ বাবে তেওঁ বল আৰু বেট লৈ পঢ়া-শুনা কৰি পোনে পোনে খেলপথাৰলৈ গৈছিল। সেই কণমানি ছোৱালীয়ে অসম মহিলাৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট প্ৰতিযোগিতাত স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়।

তেওঁ দলৰ উইকেটৰ কিপাৰৰ ভূমিকাত থাকিব। উল্লেখযোগ্য যে বাবলী দাস কৰিমগঞ্জ জিলাৰ নগেন্দ্ৰনগৰ জিপিৰ ফাকুৱা গাঁৱৰ শিক্ষক গৌৰ হৰিদাস আৰু ঝৰ্ণা ৰাণী দাসৰ জ্যেষ্ঠ কন্যা।

বহু বাধা অতিক্ৰম কৰি লক্ষ্যত উপনীত হ’ল বাবলী দাসে। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰিচালনাত অহা ৮ অক্টোবৰত অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ভাইজাগত ১৯ বছৰ অনূৰ্ধ অসম মহিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সেই প্ৰতিযোগিতাত অসম মহিলা ক্ৰিকেট দলৰ হৈ খেলিব ফাকুৱা গাঁৱৰ বাবলী দাসে।

কৰিমগঞ্জৰ এগৰাকী গাৱৰ কন্যাৰ এই সফলতাৰ খবৰ বিয়পি পৰাৰ পিছত আনন্দই বিৰাজ কৰিছে ক্ৰীড়া জগতত। ৰামকৃষ্ণ নগৰ হৰিনগৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় বাবলী দাসে। তাৰ পিছত গুৱাহাটীলৈ গুছি যায়। তালৈ গৈ অভিৰুচি কলেজত ভৰ্তি হয়। কিন্তু ক্ৰিকেট এৰি যোৱা নাছিল। গুৱাহাটীৰ আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামত অবিৰত অনুশীলন চলাই আছে।

Exit mobile version