Site icon Guwahati Times

এছিয়ান গেমছ ২০২৩ত ইতিহাস ৰচিলে ভাৰতে!

এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে ১০০ টা পদক লাভ কৰাৰ দিশে আগবাঢ়িছে ভাৰত। এই পৰ্যন্ত ২১টা সোণ, ৩৩টা ৰূপ, ৩৯টা ব্ৰঞ্জসহ মুঠ ৯৩টা পদক লাভ কৰি চতুৰ্থ স্থানত থকা ভাৰতে নিশ্চিত কৰিছে আন ৭টাকৈ পদক।

এই ৭ পদকৰ চূড়ান্ত প্ৰতিযোগিতা বৰ্তমানলৈ সম্পন্ন হোৱা নাই যদিও পদক নিশ্চিত কৰাৰ লগে লগে তালিকাত শতকৰ ঘৰ চুইছে ভাৰতীয় খেলুৱৈৰ পদকে। যাৰ বাবে এই বৰ্ষৰ এছিয়াডত ভাৰতীয় খেলুৱৈৱে পূৰ্বৰ ৭০টা পদক লাভ কৰা ইতিহাস ভংগ কৰিবলৈ সক্ষম হয়। এই খবৰে নিশ্চিতভাৱে উৎফুল্লিত কৰিছে দেশৰ ক্ৰীড়াপ্ৰেমীক। আনহাতে ইয়াৰ উপৰি আন কেইবাটাও প্ৰতিযোগিতাৰ শাখাত ভাৰতে পদক লাভ কৰাৰ আশংকা কৰা হৈছে। আগন্তুক দিনকেইটাত আৰু পদক লাভ কৰিবলৈ সক্ষম হ’লে এছিয়াডত নতুন ইতিহাস ৰচিব ভাৰতীয় খেলুৱৈসকলে।

Exit mobile version