Site icon Guwahati Times

১২৮ বছৰৰ পাছত পুনৰ অলিম্পিকলৈ ক্ৰিকেট, ২০২৮ অলিম্পিকত টি-২০ ফৰ্মেটত খেলা হ’ব ক্ৰিকেট

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে আজি মুম্বাইত লছ এঞ্জেলেছ ২০২৮ অলিম্পিকৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ক্ৰিকেট, ফ্লেগ ফুটবলকে ধৰি আন পাঁচবিধ খেলক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ কাৰ্যবাহী মণ্ডলীয়ে এই কথা নিশ্চিত কৰিছে।

উল্লেখ্য যে লছ এঞ্জেলেছ ২০২৮ অলিম্পিকৰ আয়োজকসকলে চলিত সপ্তাহত এক বিবৃতিৰ জৰিয়তে তেওঁলোকে এই প্ৰতিযোগিতাত ক্ৰিকেট, ফ্লেগ ফুটবল, লেক্ৰছ, স্কোয়াছ আৰু বেছবল-চফটবল অন্তৰ্ভুক্ত কৰিব বিচৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

কাৰ্যবাহী ব’ৰ্ডৰ বৈঠকৰ পিছত সংবাদমেলত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধ্যক্ষ থমাছ বাচে কয়, ‘এই প্ৰস্তাৱসমূহ আই অ’ চিৰ কাৰ্যবাহী ব’ৰ্ডে পেকেজ হিচাপে গ্ৰহণ কৰিছে’।

উল্লেখণীয় যে কেইবছৰমানৰ পূৰ্বে আই অ’ চিৰ নিয়ম অনুসৰি প্ৰতিখন আয়োজক চহৰে নিজৰ সংস্কৰণৰ গেমছৰ বাবে একাধিক ক্ৰীড়া অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ কৰিব পাৰে।

উল্লেখ্য যে ১৯০০ চনত খেলা অলিম্পিকত প্ৰথমবাৰৰ বাবে ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে এই ক্ৰিকেটক অলিম্পিকৰ অংশ হিচাপে গঢ়ি তোলা নহ’ল।

Exit mobile version