Site icon Guwahati Times

আজি মহালয়া! কিয় পালন কৰা হয় এই মহালয়া…

ধৰালৈ নামিল মা দুৰ্গা। মহালয়াৰ এই বিশেষ দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেৰে দেৱী দুৰ্গাক আমন্ত্ৰণ জনায়। তাৰ পাছৰ পৰাই দবা, শংখ আদি ধ্বনিৰে দেৱী বন্দনাৰে মুখৰ হৈ পৰে সমগ্ৰ দেশ তথা ৰাজ্য। দেৱীৰ বোধনেৰে আৰম্ভ হয় শান্তিস্বৰূপিনী মহামায়াৰ আৰাধনা।

অশুভ শক্তিক বিনাশিবলৈ মৰ্ত্যলৈ নামে শক্তিৰূপিনী মা দুৰ্গা। দেৱী দুৰ্গাৰ এই মহোৎসৱ উদযাপনৰ বাবে ৰাজ্যত প্ৰবল উছাহ–উদ্দিপনা। মহালয়াৰ দিনটোৰ পৰাই দুৰ্গা পূজাৰ প্ৰতিটো ক্ষণৰ গণনা আৰম্ভ হয়। হিন্দু ধৰ্ম অনুসৰি মহালয়াত স্বয়ং দেৱী–দেৱতা পূজাৰ বাবে জাগ্ৰত হয়।

Exit mobile version