Site icon Guwahati Times

সুস্থ জীৱন লাভৰ বাবে দৈনিক ৫০০০ খোজ কঢ়াৰ অভ্যাস কৰক..

খোজ কঢ়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।আপোনালোকে হয়তো এই বিষয়েও জানে যে, দৈনিক ১০,০০০ খোজ কাঢ়ি আপুনি সুস্থ হৈ থাকিব পাৰে। কিন্তু শেহতীয়া এক গৱেষণাৰ মতে, যদি আপুনি দৈনিক ৫০০০ খোজ কাঢ়ে, তেতিয়া আপোনাৰ সোনকালে মৃত্যু হোৱাৰ আশংকা খুব কম হৈ পৰে।

এই গৱেষণা ২২৬০০০ গৰাকী ব্যক্তিৰ শৰীৰত কৰা হৈছিল। গৱেষণাত প্ৰমাণ পোৱা গ’ল যে দৈনিক ৪০০০ খোজ কাঢ়িয়েই আপুনি কম বয়সত মৃত্যুৰ আশংকা হ্ৰাস কৰিব পাৰে। ইয়াৰ বাহিৰেও মাত্ৰ ২৩০০ খোজ কাঢ়িলে ই আপোনাৰ হৃদযন্ত্ৰ আৰু ৰক্তনলীবোৰক বহু লাভালাভ প্ৰদান কৰিব পাৰে।

৬০ বছৰৰ তলৰ লোকৰ ক্ষেত্ৰত দেখুওৱা লাভালাভ

এই নতুন গৱেষণাত যি ফলাফল পোৱা গৈছে, সেয়া ৬০ বছৰৰ তলৰ লোকৰ ক্ষেত্ৰতহে অধিক প্ৰযোজ্য। গৱেষকসকলৰ মতে, মানুহে কাৰ্ডিওভাস্কুলাৰ ৰোগৰ চিকিৎসাৰ বাবে ঔষধৰ ওপৰত নিৰ্ভৰ কৰি আছে। কিন্তু ঔষধৰ পৰিৱৰ্তে ভাল আহাৰ, ব্যায়াম আৰু জীৱনশৈলীৰ পৰিৱৰ্তন এই সমস্যাবোৰৰ আশংকা হ্ৰাস কৰিব পাৰি।

ভুল জীৱনশৈলী হৈছে বহু মৃত্যুৰ কাৰণ 

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, পৰ্যাপ্ত শাৰীৰিক সক্ৰিয়তাৰ অভাৱৰ বাবে প্ৰতি বছৰে ৩.২ নিযুত লোকৰ মৃত্যু হয়। ইয়াৰ বাহিৰেও, দীঘলীয়া সময় ধৰি বহি থাকিলে পিঠিৰ সমস্যাও বৃদ্ধি হয়।বিশেষকৈ যিসকলে কাৰ্যালয়ৰ কাম কৰে তেওঁলোকে গোটেই দিনটো একেধৰণে বহি থাকিব লাগে, যাৰ ফলত পিছৰ জীৱনত তেওঁলোকে বহু শাৰিৰীক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে।

খোজ কঢ়াৰ লাভালাভ

গৱেষকসকলৰ মতে, ৰুটিনত নিয়মীয়া ব্যায়াম অন্তৰ্ভূক্ত কৰি আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন ল’ব পাৰে। খোজ কাঢ়িলে আপোনাৰ ৰক্তচাপ হ্ৰাস হ’ব, হাড় আৰু পেশী শক্তিশালী হ’ব। ই আপোনাৰ শক্তিৰ স্তৰো বৃদ্ধি কৰিব। ইয়াৰ বাহিৰেও, খোজ কাঢ়ি আপুনি মানসিক স্বাস্থ্য ভালে ৰখাৰ লগতে ওজন নিয়ন্ত্ৰণ কৰি নিজকে সুস্থ ৰাখিব পাৰে।

খোজ কঢ়াৰ অভ্যাস কিদৰে কৰিব ?

. আপুনি খোজ কঢ়াৰ অভ্যাস কৰিবলৈ বাছ বা গাড়ীৰ সলনি খোজ কাঢ়িবলৈ লওঁক।

. যদি আপুনি অফিচত বহি বহি কাম কৰি থাকে, মাজে মাজে উঠি বাহিৰলৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰক।

. গৰ্ভৱতী মহিলাৰ বাবে খোজ কঢ়া সৰ্বশ্ৰেষ্ঠ ব্যায়াম হ’ব পাৰে।

. বন্ধুবৰ্গৰ সৈতে আপুনি পাৰ্ক বা আন কোনো ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে।

. ইয়াৰ বাহিৰেও যদি আপোনাৰ ঘৰত কুকুৰ আছে, তেন্তে সিহঁতক খোজ কঢ়াবলৈ নিব পাৰে।

Exit mobile version