Site icon Guwahati Times

জ্বৰ হ’লে সাৱধান ! ভয়ংকৰ ৰূপত আহিছে ৬ বিধ মাৰাত্মক ৰোগ

ভয়ংকৰ ৰূপত ৬ বিধ মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱ আৰম্ভ।মেক্স চুপাৰ স্পেচিয়েলিটি হাস্পতাল,পাটপাৰগঞ্জৰ সঞ্চালক ডা: মুকেশ মেহৰাই জনাইছে ৬ বিধ মাৰাত্মক ৰোগীৰ বিষয়ে।

তেওঁ কয়, বাৰিষা ঋতুত, আৰ্দ্ৰ আৰু তিঁতা পৰিৱেশৰ ফলত বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ আশংকা।

বৰ্ধিত আৰ্দ্ৰতা, সংক্ৰামক এজেন্টৰ প্ৰসাৰৰ বাবে বাৰিষা ঋতুয়ে কেইবাটাও স্বাস্হ্যৰ বিপদাশংকাৰ সৃষ্টি হোৱাৰ বিষয়ে জানিব দিয়ে।

ৰোগ কেইটা ক্ৰমে–
১. শ্বাসতন্ত্ৰক সংক্ৰমণ– চৰ্দি-কাহ, জ্বৰ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি এই সংক্ৰমণবোৰ বায়ুত আৰু বৰষুণৰ টোপালৰ পোনপটীয়া সংস্পৰ্শৰ জৰিয়তে সংক্ৰমণ হয়।

২.গেষ্ট্ৰোইনটেষ্টাইনেল সংক্ৰমণ–এই সময়চোৱাত জণ্ডিজ, ডায়েৰিয়া, টাইফয়েড , কলেৰাৰ দৰে ৰোগ বৃদ্ধি হয় ।

৩. ডেংগু জ্বৰ—ডেংগু হৈছে এছিড মহৰ দ্বাৰা সংক্ৰমিত এক ভাইৰেল সংক্ৰমণ, তীব্ৰ জ্বৰ, মূৰৰ বিষ, গাঁঠি আৰু পেশীৰ বিষ ডেংগুৰ লক্ষণ।

৪. মেলেৰিয়া–মাইকী এনোফিলিছ মহৰ কামোৰাৰ ফলতে সংক্ৰমিত প্লাজমোডিয়াম পৰজীৱীৰ ফলত মেলেৰিয়া হয়, জ্বৰ, কপঁনি, মূৰৰ বিষ, আৰু ভাগ মেলেৰিয়া ৰোগৰ লক্ষণ।

৫. লেপ্টোস্পাইৰোচিছ–দূষিত পানী বা মাটিত থকা লেপ্টোস্পাইৰা বেক্টেৰিয়াৰ ফলত হোৱা এক বেক্টেৰিয়াৰ সংক্ৰমণ, তীব্ৰ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, জণ্ডিছ ইয়াৰ লক্ষণ ।

Exit mobile version