Site icon Guwahati Times

পশ্চিমবংগত নিৰ্বাচনী হিংসা! বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ১৬ জন লোকে

শাসক বিৰোধীৰ সংঘাতৰ ফলত নিৰ্বাচনী হিংসাত প্ৰাণ হানি হোৱা লোকসকলৰ ভিতৰত ৯ জন টিএমচিৰ, ৩ জন কংগ্ৰেছৰ আৰু ২ জন কৈ বিজেপি আৰু চিপিএমৰ বুলি জানিব পৰা গৈছে ।

ৰাজ্যখনত শনিবাৰে অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন । নিৰ্বাচনৰ দিনটোত বেলট বাকচ লুট, অগ্নিসংযোগ, দলসমূহৰ কৰ্মীৰ মাজত সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

বিজেপিয়ে ৰাজ্যখনত এই হিংসাৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন দাবী কৰিছে । ব্যাপক হিংসাত্মক ঘটনাক লৈ মমতা নেতৃত্বাধীন টিএমচি চৰকাৰক সমালোচনা কৰি বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নিশিথ প্ৰমানিকে কয় যে, “একক পৰ্যায়ৰ নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ নহয়, এয়া মৃত্যুৰ উৎসৱ।” ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি তৃণমূল কংগ্ৰেছে এয়া বিজেপিৰ দুষ্কাৰ্য বুলি অভিহিত কৰিছে ।

Exit mobile version