Site icon Guwahati Times

বহি:ৰাজ্যত উদ্ধাৰ হাজোৰ কিশোৰী : সৰবৰাহকাৰীক আটক

ৰাজ্যত অব্যাহত নাৰী সৰবৰাহকাৰী চক্ৰৰ ভয়ংকৰ জাল। বহিঃৰাজ্যলৈ এতিয়াও দৈনিক সৰবৰাহ হৈয়েই আছে অসমৰ যুৱতী-কিশোৰী। কিন্তু কোনে ক`ত কেতিয়া বিক্ৰী কৰে অসমৰ কিশোৰী-মহিলাক ? ইয়াকে লৈ উত্থাপন হয় কেতবোৰ প্ৰশ্ন। হাজোৰ ২নং ভেলকৰৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক প্ৰেমৰ জালত পেলাই বহিঃৰাজ্যত নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত বিক্ৰী কৰিবলৈ লওঁতেই হাজো আৰক্ষীৰ হাতত ধৰা পৰিছে মহিবৰ আলী নামৰ এজন যুৱক। হাজোৰ তাপাবড়ীৰ মহিবৰ আলীয়ে কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰলোভন দিছিল। যোৱা ৫ ছেপ্তেম্বৰৰ সন্ধিয়াৰ ভাগত সামগ্ৰী কিনিবলৈ ওচৰৰে দোকান এখনলৈ অহাৰ বাটত কিশোৰীগৰাকীক ফুচুলাই মহিবৰে লৈ যায় উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ। লক্ষ্ণৌত উপস্থিত হৈ বিজনো অঞ্চলৰ এটা ভাৰাঘৰত ৰাখে কিশোৰীগৰাকীক। ইফালে, কিশোৰীগৰাকীৰ অভিভাৱকে দাখিল কৰা এজাহাৰৰ ভিত্তিত মহিবৰৰ এই সকলো কাৰ্যৰ গতিবিধি পৰ্যবেক্ষণ কৰি আছিল হাজো আৰক্ষীয়ে। অৱশেষত শুকুৰবাৰে নিশা লক্ষ্ণৌৰ বিজনো থানাৰ অন্তৰ্গত এক স্থানত নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত কিশোৰীগৰাকীক বিক্ৰীৰ যো-জা চলাওঁতেই হাজো আৰক্ষীৰ এটা দলে হাতে-লোটে ধৰে মহিবৰ আলীক। লগতে উদ্ধাৰ কৰে ১৪ বছৰীয়া কিশোৰীগৰাকীক। হাজো আৰক্ষীয়ে কিশোৰী আৰু নাৰী সৰবৰাহকাৰী মহিবৰ আলীক উত্তৰ প্ৰদেশৰ পৰা হাজো আৰক্ষী থানালৈ লৈ আনে। আৰক্ষীয়ে মূল অভিযুক্ত মহিবৰ আলীক সোধা-পোছাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
Exit mobile version