Site icon Guwahati Times

নগাঁৱত পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পুত্ৰ!

নগাঁৱৰ ডিফলুত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পিতৃৰ দাৰ ঘাপত পুত্ৰ গুৰুতৰভাৱে আহত হৈছে। মঙলবাৰে নিশা প্ৰায় ১০ বজাত এই ঘটনা সংঘটিত হৈছে।

জাপিব পৰা মতে, প্ৰবীণ বৰা নামৰ এগৰাকী ব্যক্তিয়ে নিজ পুত্ৰ চিন্ময়ক দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। প্ৰবীণ বৰা ওৰফে শিশুৰামে পত্নী প্ৰণতি বৰাক নিৰ্যাতন চলাইছিল। মাতৃক বচাবলৈ যোৱা পুত্ৰক ঘপিয়াই পিতৃয়ে পলায়ন কৰে। এই ঘটনাত গুৰুতৰভাৱে আহত চিন্ময়ক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান পলাতক প্ৰবীণ বৰা ওৰফে শিশুৰামক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। অতি শীঘ্ৰেই আৰক্ষীয়ে আক্ৰমণকাৰী পিতৃ প্ৰবীণ বৰাক আটক কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

Exit mobile version