Site icon Guwahati Times

বিলাহীৰ মূল্য হঠাতে বৃদ্ধি হোৱাৰ বাবে ফাষ্ট ফুড কোম্পানী মেকডনাল্ডছে লৈছে এই সিদ্ধান্ত

ভাৰতত বিলাহীৰ মূল্য হঠাতে বৃদ্ধি হোৱাৰ বাবে ফাষ্ট ফুড কোম্পানীটোৱে এই সিদ্ধান্ত লৈছে। সাধাৰণতে বাৰ্গাৰৰ মাজত বিলাহীৰ টুকুৰা আৰু ৰেপ ফিলিংত মেকডনাল্ডছে বিলাহী ব্যৱহাৰ কৰিছিল। এতিয়াৰে পৰা এইবোৰত বিলাহী প্ৰদৰ্শন কৰা নহ’ব বুলি মেকডনাল্ডছে উল্লেখ কৰিছে।

শুক্ৰবাৰে এক বিবৃতিত মেকডনাল্ডছে কৈছিল, বতৰৰ সমস্যাৰ বাবে বজাৰত অত্যাধিক হাৰত বৃদ্ধি পাইছে বিলাহীৰ মূল্য। যাৰ বাবে বিলাহী সংগ্ৰহ কৰিবলৈ সক্ষম নহয় মেকডনাল্ডছ। কিছুমান বজাৰত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত ২০০ টকালৈ বৃদ্ধি পাইছে। সেয়ে বিলাহীৰ যোগানৰ সমস্যাৰ বাবে মেকডনাল্ডছৰ খাদ্যৰ মেনুত বিলাহী পৰিৱেশনত বাধা আহিছে।

Exit mobile version